ETV Bharat / state

লক ডাউনৰ মাজতে শিৱ দ'লত সংঘটিত চুৰিকাণ্ড

২২ মাৰ্চৰ পৰা লক ডাউনৰ বাবে দ'ল বন্ধ কৰা সময়লৈ দ'লৰ দানপাত্ৰ খোলা হোৱা নাছিল সেয়ে এমাহত কেইবা লাখ টকা জমা হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে শিৱ দ'ল কতৃপক্ষই ।

শিৱ দ'লত সংঘটিত চুৰিকাণ্ড
শিৱ দ'লত সংঘটিত চুৰিকাণ্ড
author img

By

Published : Apr 14, 2020, 11:37 AM IST

শিৱসাগৰ, 14 এপ্ৰিলঃ প্ৰায় তিনি শতিকা পৌৰাণিক ঐতিহাসিক শিৱসাগৰৰ শিৱ দ'ল আৰু বিষ্ণু দ'লত সোমবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ড । জানিব পৰা মতে, শিৱ দ'লৰ নাটঘৰত থকা দুটা লোহাৰ দানপাত্ৰ ত্ৰিশূলেৰে ভঙাৰ লগতে শিৱ দ'লৰ কাষত থকা বিষ্ণু দ'লৰ পকী দানপাত্ৰটো ভাঙি সমস্ত ধন লুটি নিয়ে চোৰে ৷

উল্লেখযোগ্য যে, সচৰাচৰ শিৱ দ'ল চৌহদত কোম্পানীৰ সুৰক্ষা কৰ্মী থাকে যদিও এসপ্তাহৰ পৰা লক ডাউনৰ ফলত দ'ল চৌহদত কোনো সুৰক্ষা কৰ্মী নাছিল । আনহাতে, বিগত বছৰৰ পৰা বিকল হৈ আছে দ'ল চৌহদৰ ২৮ টা চিচি টিভি কেমেৰা । দ'ল কতৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি, এবছৰৰ পূৰ্ৱে পূৰাতত্ব বিভাগে দ'ল চৌহদত বাগিচা পতাৰ বাবে মাটি খান্দিছিল । সেই সময়তে কেমেৰাৰ কেবল চিঙাৰ ফলত বিগত এটা বছৰে বিকল হৈ আছে সমূহ চিচি টিভি কেমেৰা।

শিৱ দ'লত সংঘটিত চুৰিকাণ্ড

আনহাতে চোৰে দানপাত্ৰৰ পৰা কিমান ধন লুটি নিলে সেয়া বৰ্তমানলৈ স্পষ্ট নহয় যদিও, প্ৰায় এমাহ ধৰি দ'লৰ দানপাত্ৰ খোলা হোৱা নাছিল বুলি জানিবলৈ দিয়ে শিৱ দ'ল কতৃপক্ষই । ২২ মাৰ্চৰ পৰা লক ডাউনৰ বাবে দ'ল বন্ধ কৰালৈ দ'লৰ দানপাত্ৰ খোলা হোৱা নাছিল সেয়ে এমাহত প্ৰায় কেইবা লাখ টকা জমা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে শিৱ দ'ল কতৃপক্ষই । উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.