আমগুৰি,25 ফেব্ৰুৱাৰী: আমগুৰিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ৰাজ্যত নিৰ্বাচনী ঢৌ চলি থকাৰ সময়তেই শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ বুধবাৰে দেওৰজাৰ বহাগী পথত শ্ৰমদান কৰিলে কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই ৷ নিজে জেচিবিত উঠি মাটি খান্দি জৰাজীৰ্ণ পথ মেৰামতি কৰা দেখিবলৈ পোৱা গ’ল কংগ্ৰেছ নেত্ৰীগৰাকীক ৷
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আমগুৰিত প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে জন সাধাৰণৰ কাষ চাপি যোৱা পৰকিলক্ষিত হৈছে ৷ আমগুৰিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ গ্ৰহণ কৰিছে ব্যতিক্ৰমী প্ৰয়াস । উল্লেখ্য যে দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগ কৰি অহা দেওৰজা কমাৰচুক গাঁৱবাসীৰ দুৰ্দশাৰ বুজ লৈ পথৰ মেৰামতিত নামি পৰে কংগ্ৰেছী নেত্ৰী অংকিতা ৷ অংকিতা দত্তৰ এনে পদক্ষেপক শলাগ লৈছে স্থানীয় লোকে ।