ETV Bharat / state

Life struggle of Amguri man : এখন হাতেৰেই জীৱন সংগ্ৰাম শান্তনুৰ

জীৱন সংগ্ৰামৰ আন এক নিদৰ্শন দাঙি ধৰিছে আমগুৰিৰ বিশেষভাৱে সক্ষম শান্তনু শইকীয়াই (Specially abled Shantanu Saikias life struggle)। এখন হাতেৰেই কষ্ট কৰি পৰিয়াল পোহ-পাল দিছে শান্তনুৱে । গাড়ী চলোৱাৰ পৰা আৰম্ভ কৰি, খেতি কৰালৈ সকলো কাম কৰে শান্তনুৱে । বিশেষভাৱে সক্ষম শান্তনুৱে চৰকাৰৰ কিছু সহায় বিচাৰিছে ।

author img

By

Published : Nov 2, 2022, 12:14 PM IST

Life struggle of Amguri man
এখন হাতেৰেই জীৱন সংগ্ৰাম শান্তনুৰ

আমগুৰি,২ নৱেম্বৰ : প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকে । জীৱন সংগ্ৰামৰ যুঁজত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া হয় । কিন্তু একাংশ লোকৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামে বিভিন্নজনক আকৰ্ষণ কৰে । এইবাৰ দিখৌমুখ পুৰণিগুডামৰ এজন লোকৰ জীৱন সংগ্ৰামে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

আপুনিও জীৱন সংগ্ৰামৰ দৃশ্য দেখিলে আচৰিত হ'ব । এখন হাতেৰেই জীৱন সংগ্ৰামত ব্ৰতী হৈছে লোকজন (Amguri man struggling with one hand)। তেওঁ হৈছে দিখৌমুখ পুৰণিগুডামৰ শান্তনু শইকীয়া । বিশেষভাৱে সক্ষম শান্তনু শইকীয়াই এখন হাতেৰেই ভৰণ-পোষণ দিছে পৰিয়ালক ।

পিতৃ-মাতৃ, পত্নীসহ দুই সন্তানৰ পৰিয়ালটোৰ বাবে একমাত্ৰ ভৰসা শান্তনু । বিশেষভাৱে সক্ষম হ'লেও মনৰ দৃঢ়তাৰ বাবে শান্তনু শইকীয়াই এখন হাতেৰেই গাড়ী চলায়, বাৰীত কোৰ মাৰি শাক-পাচলিৰ খেতি কৰে । এখন হাতেৰেই চাইকেলো চলায় শান্তনু শইকীয়াই ।

এখন হাতেৰেই জীৱন সংগ্ৰাম শান্তনুৰ

২০১৩ চনতে দুৰ্ঘটনাত পতিত হৈ এখন হাত হেৰুৱাইছিল যুৱকজনে । সেই সময়ত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰিছিল । কিন্তু জীৱন যুঁজত পৰাজয় বৰণ নকৰাৰ পণ লৈছিল শান্তনুৱে । তেতিয়াৰে পৰা বহু কষ্টৰে এখন হাতেৰে বিভিন্ন কাম কৰি পৰিয়ালটো পোহ-পাল দি আছে । বিশেষভাৱে সক্ষম হৈও অঞ্চলটোৰ কোনো লোক অসুস্থ হ'লে এখন হাতেৰেই গাড়ী চলাই ৰোগীক চিকিৎসালয়লৈ লৈ যায় শান্তনুৱে (Life struggle of Shantanu Saikia)।

কিন্তু পৰিয়ালটোক পোহ-পাল দিয়াত বৰ্তমান যথেষ্ট অসুবিধাৰ সন্মুখীন শান্তনু । একাংশ বন্ধুৱে তেওঁক সহায় আৰু বিভিন্ন ধৰণে উৎসাহ দি আহিছে যদিও সেয়া তেওঁৰ বাবে যথেষ্ট নহয় । ইমান কষ্টৰ মাজত থকাৰ পাছতো আজিলৈ চৰকাৰে শান্তনুক সুদৃষ্টিৰে চোৱা নাই । যাৰ বাবে শান্তনুৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে অনুৰোধ জনাইছে ।

আন সন্তানৰ দৰে শান্তনুৰো মন আছে পিতৃ-মাতৃক ভালদৰে পোলপাল দিবলৈ । যাৰ বাবে তেওঁক এটা চৰকাৰী চাকৰি বা আৰ্থিক সহায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । ইফালে জীৱিতকালতে পুত্ৰৰ এনে জীৱন সংগ্ৰাম দেখি দুখিত তেওঁৰ মাতৃ । কেমেৰাৰ সন্মুখত পুত্ৰৰ সংগ্ৰামৰ কথা কৈ কান্দি উঠিল মাতৃগৰাকী । নাতি-নাতিনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শান্তনুক কিছু সহায় কৰিবলৈ মাতৃয়ে কাতৰভাৱে আহ্বান জনাইছে ৰাইজক ।

লগতে পঢ়ক :Ishan Uday Scholarship scam : ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.