আমগুৰি, ৬ মে': ৰাজ্যত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাৰ সংক্ৰমণে ৷ দৈনিক শ শ লোক আক্ৰান্ত হৈছে মহামাৰী কৰ'ণাত ৷ তাৰ পাচতো ভিন্ন ঠাইত সজাগ নহয় একাংশ লোক ৷ এফালে গণ সংক্ৰমণৰ আশংকাত জনতাক ঘৰতে থকাৰ আহ্বান ৰাজ্য চৰকাৰৰ তাৰ মাজতে আৰু কৰ'ণাৰ প্ৰতিষেধক প্ৰদান ভিন্ন স্থানত ৷ শেহতীয়াকৈ আমগুৰি সামূহিক চিকিৎসালয়ত প্ৰতিষেধক প্ৰদান কৰাত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে চিকিৎসালয়খনত ৷
ৰাজ্যত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে আমগুৰিত প্ৰতিষেধক ল'বলৈ ভিৰ কৰা মানুহৰ মাজত মাস্ক পৰিধান কৰা দেখা গ'ল যদিও সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত নহ'ল।
লগতে পঢ়ক: আই পি এলৰ জুৱাই কাল হ’ল নেকি মহিলাৰ ?