ETV Bharat / state

হাথৰছ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল 6 সংগঠন

author img

By

Published : Oct 7, 2020, 5:26 PM IST

শিৱসাগৰত 6 সংগঠনৰ প্ৰতিবাদ ৷ হাথৰছ কাণ্ডৰ লগতে নাৰী সমাজৰ ওপৰত বিভিন্ন সময়ত হৈ অহা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে শিৱসাগৰ উত্তাল প্ৰতিবাদকাৰীৰ ৷ চৰাইদেউ জিলা কংগ্ৰেছৰ মৌন প্ৰতিবাদ ৷ ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

হাথৰছ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল 6 সংগঠন
হাথৰছ কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল 6 সংগঠন

শিৱসাগৰ, 7 অক্টোবৰ: দেশ কঁপাই যোৱা হাথৰছৰ দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত বহিল 6 সংগঠন ৷ হাথৰছ কাণ্ডৰ লগতে বিভিন্ন সময়ত নাৰী সমাজে সন্মুখীন হৈ অহা নিৰ্যাতনৰ প্ৰতিবাদ জনাই সংগঠন কেইটাই প্ৰতিবাদ সাব্যস্ত কৰে৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি গ' বেক,যোগী চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদথলী উত্তাল কৰি তোলে ৷

অসম ছাত্ৰ যুৱ সন্মিলন,সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা,সদৌ অসম মৰীয়া যুৱ ছাত্ৰ সন্থা,মেচ কছাৰী যুৱ পৰিষদ,জাগ্ৰত নাৰী সমাজে যুটীয়াভাৱে শিৱসাগৰ নগৰৰ মাজেৰে পদযাত্ৰা কৰি শিৱসাগৰ নগৰ উত্তাল কৰি তোলাৰ বিপৰীতে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ইফালে চৰকাৰৰ বিৰুদ্ধে অমানৱীয় আৰু অগণতান্ত্ৰিক আচৰণৰ অভিযোগ তুলি চৰাইদেউ জিলা কংগ্ৰেছে ধৰ্ষিতা যুৱতী গৰাকীৰ বাবে ন্যায়ৰ দাবী তুলি মৌন সত্যাগ্ৰহ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.