ETV Bharat / state

শিৱসাগৰত গাহৰি পালকৰ আৰ্তনাদ - শিৱসাগৰ জিলা প্ৰশাসনক

গ্ৰামাঞ্চলৰ গাহৰি পালক সকলে ঋণ লৈ গাহৰি পালনৰ ব্যৱসায় চলাই আহিছিল । কিন্তু এই ৰোগৰ পিছত যিসকল ব্যৱসায়ীৰ গাহৰি সুস্থ হৈ উঠিছে তেঁওলোকক বজাৰলৈ উলিয়াই দিব পৰা হোৱা নাই । ফলত নিজৰ পকেটৰ ধন খৰচ কৰিয়েই গাহৰি পালন কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে ।

Sivsagr Pig farmers facing crisis dur to African swine fever
শিৱসাগৰত গাহৰি পালকৰ আৰ্তনাদ
author img

By

Published : May 20, 2020, 5:47 PM IST

শিৱসাগৰ,20 মেঃ শিৱসাগৰত গাহৰি পালকৰ কান্দোন । এফালে কৰ'ণা ভাইৰাছৰ আতংকই বজাৰ স্থৱিৰ কৰিছে আনফালে আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত মৃত্যু হৈছে হাজাৰ হাজাৰ গাহৰিৰ । গাহৰিৰ সৰবৰাহ, মাংসৰ লগতে মাংসজাত সামগ্ৰী বিক্ৰী আদি সকলো নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ ফলত মুৰে-কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ গাহৰি পালক সকল ।

শিৱসাগৰত লোকটানৰ সন্মুখীন গাহৰি পালক

উল্লেখ্য যে, গ্ৰামাঞ্চলৰ গাহৰি পালক সকলে ঋণ লৈ গাহৰি পালনৰ ব্যৱসায় চলাই আহিছিল । কিন্তু এই ৰোগৰ পিছত যিসকল ব্যৱসায়ীৰ গাহৰি সুস্থ হৈ উঠিছে তেঁওলোকক বজাৰলৈ উলিয়াই দিব পৰা হোৱা নাই । ফলত নিজৰ পকেটৰ ধন খৰচ কৰিয়েই গাহৰি পালন কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে ।

বুধবাৰে শিৱসাগৰ জিলাৰ গাহৰি পালক সকলে একত্ৰিত হৈ তেঁওলোকৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনায় । সুস্থ গাহৰি সমূহ উপযুক্ত পৰীক্ষা কৰি বজাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা অতিশীঘ্ৰে নকৰিলে সকলো গাহৰি আনি শিৱসাগৰ জিলা প্ৰশাসনক চমজাই দিবলৈ বাধ্য হ'ব বুলি জনায় গাহৰি পালক সকলে ।

লগতে পঢ়ক- কোন দিশে "আমাজন অফ ইষ্ট" দিহিং-পাটকাই বৰ্ষাৰণ্যৰ ভৱিষ্যৎ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.