ETV Bharat / state

শিৱসাগৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল

শিৱসাগৰত আৰক্ষীৰ সংবাদমমেল ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলাখনত আলফা সদস্য আটক হোৱা সন্দৰ্ভত এক সংবাদ মেল আয়োজন কৰে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই ৷

শিৱসাগৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল
author img

By

Published : Aug 10, 2019, 7:17 PM IST

শিৱসাগৰ, আগষ্ট 10: শিৱসাগৰত আৰক্ষীৰ সংবাদমমেল ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জিলাখনত আলফা সদস্য আটক হোৱা সন্দৰ্ভত এক সংবাদ মেল আয়োজন কৰে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই ৷ উল্লেখ্য যে, শিৱসাগৰ আৰক্ষী আৰু চি আৰ পি এফৰ 149 বেটেলিয়ানৰ যুটিয়া অভিযানত বৰোপীয়াল হাবি গাঁৱৰ পৰা আটক কৰা হয় আলফা সদস্য বীৰেণ চেতিয়া ওৰফে ৰণ্টু অসমক ৷ বিগত বৰ্ষৰ 18 নৱেম্বৰত ডিমৌ চাৰিআলিৰ নিতাই ৰোড স্থিত বজৰং হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰেণেড বিস্ফোৰণত জড়িত আছিল বীৰেণ চেতিয়া ৷ স্বাধীনতা দিৱসৰ বাবে নিৰাপত্তা কটকটীয়া কৰা হৈছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷

Intro:Body:শিৱসাগৰ আৰক্ষীৰ সংবাদ মেল।

Story-SP_PRESSMEET
Ananta Smith
Sivasagar
10th August

A_SVR_10TH_AUG_807-808_SP_PRESSMEET_7203499

শিৱসাগৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী ১৪৯ বেটেলিয়ানৰ যুটীয়া অভিযানত শিৱসাগৰ জিলাৰ বকতা নেমুগুৰি আৰক্ষী থানা অন্তৰ্গত বৰোপীয়াল হাবি গাঁবৰ পৰা আলফা সদস্য বীৰেন চেতিয়া ওৰফে ৰানটো অসমক গ্ৰেপ্তাৰ।

বীৰেন চেতিয়া ওৰফে ৰানটো অসমে স্বীকাৰ কৰিছে যে বিগত বৰ্ষৰ ১৮ নৱেম্বৰত শিৱসাগৰ জিলাৰ ডিমৌ চাৰিআলিৰ নিতাই ৰোড স্থিত বজৰং হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গ্রনেড বিস্ফোৰণৰ ঘটনা সংঘটিত কৰা বুলি।

শীৰ্ষ আলফা নেতা আদ্যমাণ অসম তেওঁক বিস্ফোৰণৰ বাবে গ্রনেড যোগান ধৰিছিল।

উক্ত বিস্ফোৰণৰ ঘটনাত দুজন লোক নিহত হৈছিল। উক্ত বিস্ফোৰণৰ পিছতে আলফাৰ আনুষ্ঠানিক ভাৱে যোগদান কৰি ম্যানমাৰত প্ৰশিক্ষণ লৈছিল ধৃত বীৰেন চেতিয়াই।

বিগত জুলাই মাহত নাগালেণ্ডৰ হুৱাইত বস্তিৰ পৰা অসম লৈ আহি ডিমৌ অঞ্চলত এটা গ্রেনাইড লৈ ব্যৱসায়ী সকলৰ পৰা ধন সংগ্ৰহ কৰি আছিল।

Bite- আৰক্ষী অধীক্ষকConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.