ETV Bharat / state

শিৱসাগৰত ধনদাবী কৰা ভুৱা সাংবাদিক আটক

author img

By

Published : Jan 5, 2021, 8:09 PM IST

ধনদাবীৰ অভিযোগত শিৱসাগৰৰ নামতিত আটক ৰিন্তু শেনছোৱা নামৰ এজন যুৱক । নিউজ পৰ্টেলৰ স্বয়ম্ভূ সাংবাদিক ৰিন্তুু শেনছোৱা । আন দুই ভুৱা সাংবাদিক এতিয়াও পলাতক ।

শিৱসাগৰত ধনদাবী কৰা ভুৱা সাংবাদিক আটক
শিৱসাগৰত ধনদাবী কৰা ভুৱা সাংবাদিক আটক

আমগুৰি, ৫ জানুৱাৰী : বৰ্তমান সময়ত যেন সাংবাদিকতা একাংশৰ বাবে ধন ঘটাৰ সহজ উপায় হৈ পৰিছে । বহু কষ্ট আৰু সাধনাৰ ফলত সাংবাদিকতাৰ পথাৰখনত নিজকে সত্য় আৰু নিষ্ঠাবান হিচাপে প্ৰতিষ্ঠিত কৰা সাংবাদিকসকলক লজ্জানত কৰি একাংশই চলাইছে এই ধন ঘটাৰ বজাৰ । ফেজবুক পেজ অথবা নিউজ পৰ্টেলৰ জৰিয়তে ধন দাবী কৰি ইতিমধ্য়ে ৰাজ্য়ৰ বহু স্বয়ম্ভূ সাংবাদিক আৰক্ষীৰ জালত পৰিছে। অনুৰূপ ঘটনা এইবাৰ সংঘটিত হ'ল শিৱসাগৰ জিলাটো । শেহতীয়াকৈ কেইগৰাকীমান ভুৱা সাংবাদিকে ধন দাবী কৰাৰ এক ঘটনা পোহৰলৈ আহিছে শিৱসাগৰৰ নামতিত ।

ধনদাবীৰ অভিযোগত ইতিমধ্য়ে নামতি আৰক্ষীয়ে ৰিন্তু শেনছোৱা নামৰ এজন যুৱকক আটক কৰিছে । মিছাজানৰ নিজৰ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছে নিউজ পৰ্টেলৰ স্বয়ম্ভূ সাংবাদিক ৰিন্তুু শেনছোৱাক । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্য়াহত ৰাখিছে যদিও ধন দাবী ঘটনাৰ লগত জড়িত আন দুই অভিযুক্ত ভুৱা সাংবাদিক এতিয়াও পলাতক হৈ আছে ।

লগতে পঢ়ক : ২৯ জানুৱাৰীৰ পৰা নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.