শিৱসাগৰ, ২৬ আগষ্ট: ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । নন্দিতাৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাইজ আৰু জাতীয় সংগঠনবোৰে । নন্দিতাক মৃত্যুমুখলৈ ঠেলি দিয়া ৰিণ্টু শৰ্মাৰ কঠোৰ শাস্তিৰ দাবী জনাইছে সকলোৱে । বৃহস্পতিবাৰে শিৱসাগৰত ঐক্য সেনা অসমৰ কৰ্মকৰ্তাসকলে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে দিনৰ ১০.৩০ বজাৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপাায়ণ কৰে । ৰিণ্টু শৰ্মাৰ ফাঁচীৰ দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে সংগঠনৰ সদস্যসকলে । উক্ত ধৰ্মঘট কাৰ্যসূচীত নাৰীৰ সুৰক্ষাৰ দিশটোত গুৰুত্বত দিবলৈ সংগঠনটোৱে চৰকাৰক আহ্বান জনায় । হাতে হাতে প্লে'কার্ড লৈ বিভিন্ন শ্ল'গানেৰে প্রতিবাদস্থলী উত্তাল কৰে সংগঠনৰ কৰ্মকৰ্তাসকলে ।
ঐক্য সেনা অসমৰ নেতৃত্বই কয় যে, বিজেপি চৰকাৰে এখনৰ পাছত আনখন আইন ৰূপায়ণ কৰি আছে যদিও নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত আজিলৈকে এখনো আইন প্ৰণয়ন কৰা নাই । এতিয়া এই ঘটনাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈও সংগঠনৰ কৰ্মকৰ্তাসকলে আহ্বান জনাইছে । লগতে, এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে ।
উল্লেখ্য যে, যোৱা ২১ আগষ্টত মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া পথৰ মাজতে ৰিণ্টু শৰ্মাই বৰ্বৰভাৱে আক্ৰমণ কৰিছিল । ৰিণ্টুৱে দাৰে আক্ৰমণ কৰাত নন্দিতাই মূৰত যথেষ্ট আঘাত পাইছিল । সংকটজনক অৱস্থাত নন্দিতাক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কেইবাদিনো ধৰি মৃত্যুৰে যুঁজি অৱশেষত বিদায় মাগে নন্দিতাই ।
লগতে পঢ়ক:ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন