ETV Bharat / state

Girl Need Help: দুয়োটা কিডনী বিকল হোৱা আমগুৰিৰ ময়ূৰীক লাগে আপোনাৰ সহায়

শিৱসাগৰৰ জাঁজী আমগুৰিৰ অতি মেধাৱী ছাত্ৰী ময়ূৰী গগৈক লাগে আপোনাৰ সহায় ৷ বৰ্তমান দুয়োটা কিডনী বিকল হৈ GMC ছুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসাধীন হৈ আছে ময়ূৰী গগৈ ৷ কিন্তু চিকিৎসা ব্যয়ৰ বাবে অৰ্থৰ অভাৱ পৰিয়ালটোৰ ৷ সেয়েহে অসমবাসী ৰাইজৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷

Girl Need Help
দুয়োটা কিডনী বিকল হোৱা শিৱসাগৰৰ ময়ূৰীক লাগে আপোনাৰ সহায়
author img

By

Published : Dec 9, 2022, 6:04 PM IST

Updated : Dec 9, 2022, 8:43 PM IST

নিউজ ডেস্ক, 9 ডিচেম্বৰ: আপোনাৰ কিঞ্চিত সহায়ে পুনৰ হাঁহি ঘূৰাই আনিব পাৰে এগৰাকী মেধাৱী ছাত্ৰীৰ জীৱনলৈ ৷ এগৰাকী অতি মেধাৱী ছাত্ৰী(Sivsagar Mayuri Gogoi) ৷ নাম ময়ূৰী গগৈ ৷ শিৱসাগৰৰ জাঁজী আমগুৰিৰ ময়ূৰী গগৈ বৰ্তমান দুয়োটা কিডনী বিকল হৈ চিকিৎসাধীন হৈ আছে GMC ছুপাৰ স্পেচিয়েলিটি হাস্পতালত(Gmc super speciality hospital) ৷

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94.4 শতাংশ লাভ কৰাৰ লগতে বিজ্ঞান শাখাত 84.5 শতাংশ লাভ কৰিছিল ময়ূৰী গগৈয়ে ৷ আনহাতে, এইবাৰ মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাত 417 নম্বৰ লাভ কৰি স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ময়ূৰী গগৈয়ে ৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ! জীৱন বাটত খোজ দিবলৈ আৰম্ভ কৰোঁতেই এতিয়া জীৱন-মৃত্যুৰে যুঁজ দি চিকিৎসালয়ৰ বিচনাত সময় পাৰ কৰিব লগা হৈছে মেধাৱী ছাত্ৰীগৰাকীয়ে ৷

ইফালে, অতি দৰিদ্ৰ ঘৰৰ ছাত্ৰী ময়ূৰীৰ পিতৃৰ উপাৰ্জন বুলিবলৈ মাথোঁ আছে এখন সৰু তামোল-পানৰ দোকান ৷ সেই দোকানখনৰ যি উপাৰ্জন হয় তাৰেই পৰিয়ালটোক পোহপাল দি আহিছে ময়ূৰীৰ পিতৃয়ে ৷ উল্লেখ্য জাঁজী আমগুৰিৰ গনেশ গগৈ আৰু নমি গগৈৰ কন্যা ময়ূৰী গগৈ(Janji Amguri) ৷

আনহাতে, জীয়াৰী ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে একমাত্ৰ উপাৰ্জনৰ পথ দোকানখনো খুলিব পৰা নাই পিতৃয়ে ৷ ময়ূৰীৰ চিকিৎসা ব্যয়ৰ বাবে সম্প্ৰতি অতি বিপদত পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ৷ কিন্তু লক্ষণীয় কথাটো হ’ল যে, ময়ূৰীৰ চিকিৎসাৰ বাবে দু্ৰ্ভগীয়া পিতৃ-মাতৃয়ে বহুবাৰ স্থানীয় জনপ্ৰতিধিৰ সৈতে যোগাযোগ কৰিছিল যদিও নাপালে কোনো সুফল ৷ ফলত দিশহাৰা হৈ পৰিছে পৰিয়ালটো ৷

সেয়েহে পৰিয়ালটোৰ বাবে একমাত্ৰ ভৰসাৰস্থল অসমৰ ৰাইজ ৷ উপায়বিহীন হৈ এতিয়া ৰাইজৰ সহায় বিচাৰিছে পৰিয়ালটোৱে(Asking for help) ৷ আপোনাৰ সাধ্য অনুসৰি পৰিয়ালটোলৈ কিছু সহায় আগবঢ়ালে হয়তো আৰোগ্য হৈ উঠিব পাৰে প্ৰৱল প্ৰতিভা সম্পন্ন ময়ূৰী গগৈ ৷

এই দুৰ্ভগীয়া পৰিয়ালটোক একাউণ্ট নম্বৰ-34417709193(Mayuri Gogoi), IFSC- SBIN0010552 (Amguri Branch)ৰ জড়িয়তে আগবঢ়াব পাৰিব সহায় ৷ Google Pay নম্বৰ- 88762 68250ৰ জড়িয়তেও কৰিব পাৰিব সহায় ৷

সমান্তৰালভাৱে, বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছে পৰিয়ালটোৱে(CM Himanta Biswa Sarma) ৷ গতিকে, আপোনাৰ কিছু সহায়ে এটা নতুন জীৱন দিব পাৰে ময়ূৰী গগৈক ৷

লগতে পঢ়ক: One for the ages: মৃত্যুৱে ৰোধিব নোৱাৰা এক প্ৰেম কাহিনী

Last Updated : Dec 9, 2022, 8:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.