ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ দিশে অভিভাৱক !

মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়খন অন্যান্য বিদ্যালয়সমূহৰ বাবে এক আদৰ্শ, এক নিদৰ্শন । কিয়নো এই বিদ্যালয়খনৰ অনবদ্য অৱদান আৰু গুণগত শিক্ষাই এতিয়াও জীয়াই ৰাখিছে অসমীয়া বিদ্যালয়ৰ মান সন্মান ।

লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন
লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন
author img

By

Published : Jan 5, 2020, 9:46 PM IST

শিৱসাগৰ, 5 জানুৱাৰীঃ শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত সন্তানৰ নামভৰ্ত্তিৰ কৰাবলৈ পুহমহীয়া ঠাণ্ডাত দীঘলীয়া শাৰী পাতিছে অভিভাৱকে ৷ চৰকাৰী বিদ্যালয়খনত সোমবাৰে প্ৰদান কৰিব লগা নামভৰ্ত্তিৰ প্রপত্ৰৰ বাবে শনিবাৰৰ পৰা শাৰী পাতিছে বহু লোকে ৷

ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ শ্মশান যাত্ৰা অব্যাহত থকাৰ সময়তে এই বিদ্যালয়খনত সন্তানৰ নামভৰ্ত্তি কৰাবলৈ হেতা-ওপৰা অভিভাৱকৰ ৷ কাৰণ সততে সমালোচিত হোৱা চৰকাৰী বিদ্যালয় সমূহতকৈ পৃথক এই বিদ্যালয়খন। ব্যক্তিগত মাধ্যমৰ বিদ্যালয় সমূহৰ স'তে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে এই বিদ্যালয়খন ৷ বিদ্যালয়খনৰ সন্দৰ্ভত সংবাদদাতা অনন্ত স্মিথৰ এক প্ৰতিবেদন..

লগতে পঢ়ক: জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট

Intro:Body:*এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তিৰ প্ৰ-পত্ৰৰ বাবে দীঘলীয়া শাৰী-সোমবাৰে প্ৰদান কৰিবলগা নামভৰ্ত্তিৰ প্র পত্ৰৰ বাবে শনিবাৰৰ পৰা শাৰী: পুহ মাহৰ ঠেঁটুৱৈ ধৰা জাৰত অভিভাৱকে শাৰী পাতি কৰিছে অপেক্ষা*

Story-SCHOOL_FORM
Ananta Smith
Sivasagar
05th January

ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ শ্মশান যাত্ৰা আৰম্ভ হোৱাৰ সময়তো ব্যতিক্ৰম শিৱসাগৰৰ এখন বিশেষ বিদ্যালয়।

সততে সমালোচিত হোৱা চৰকাৰী বিদ্যালয় সমূহতকৈ পৃথক এই বিদ্যালয়।

ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অবর্তীন হোৱা এই বিদ্যালয় খন হৈছে শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন।

এই চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ বাবে প্ৰপত্ৰ প্ৰদান কৰা হব সোমবাৰৰ পৰা।কিন্তু অভিভাৱক সকলে শনি বাৰৰ সন্ধিয়াৰে পৰা বিদ্যালয়ৰ সমুখত শাৰী পাতিবলৈ আৰম্ভ কৰিলে। মাত্ৰ ১০০প্ৰ-পত্ৰ প্ৰদান কৰিব বিদ্যালয় কৰ্তৃপক্ষই। প্ৰ-পত্ৰ লাভৰ বাবে অভিভা ৱকে শাৰী পাতিছে ৪৮ ঘণ্টাৰ আগৰ পৰা।আপোনাৰ হয়তু বিশ্বাস হোৱা নাই!কিন্তু এয়া সত্য।

এই বিদ্যালয়ত সন্তানক নামভৰ্তি কৰিবৰ বাবে একাংশ অভিভাৱকে ঠেটুৱৈ ধৰা জাৰত দুই নিশা বিদ্যালয়ৰ বাহিৰত মুকলি আকাশৰ তলত কটোৱাৰ বাবে সাজু হৈছে।

ইতিমধ্যেই এটি নিশা পাৰ হৈছে ।বাকী আছে এতিয়াও ২৪ ঘণ্টা।

কিন্তু কি আছে এই বিদ্যালয়ত??
বহু চৰকাৰী প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈছে। এনে অৱস্থাত এই চৰকাৰী মাতৃভাষাৰ প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তিৰ বাবে এনে হেতাওপৰা কিয়?

অভিভাৱক সকলে কিয় হাড় কপোৱা জাৰকো আওকান কৰি এই বিদ্যালয়ত নিজ সন্তানৰ নাম ভৰ্তি কৰিবলৈ বিচাৰিছে??

মাতৃভাষা মাধ্যমৰ এই চৰকাৰী বিদ্যালয় খন অনান্য বিদ্যালয় সমূহৰ বাবে এক আদৰ্শ,এক নিদৰ্শন ।কিয়নো এই বিদ্যালয় খনৰ অনবদ্য অৱদান আৰু গুণগত শিক্ষাই এতিয়াও জীয়াই ৰাখিছে অসমীয়া বিদ্যালয়ৰ মান সন্মান।

উল্লেখযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন বিদ্যালয়ৰ দৰে অনুৰূপ পৰিবেশ কেইটামান দিন পূৰ্বে সৃষ্টি হৈছিল শিৱসাগৰ নগৰৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়তো।

অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ প্ৰতি ৰাইজৰ এই আস্থাই প্ৰমাণ কৰে যে, গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে ভৱিষ্যত অন্ধকাৰ বুলি ভবা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহে আকৌ এবাৰ প্ৰাণ পাই উঠিব।।

Bite- অভিভাৱকConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.