ETV Bharat / state

শিৱসাগৰত পুনৰ সক্ৰিয় লোহা চুৰি চক্ৰ - ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰী

শিৱসাগৰত পুনৰ সক্ৰিয় হৈ পৰিছে লোহা চুৰি চক্ৰ ৷ বৃহস্পতিবাৰে নিশা শিৱসাগৰ জিলা দণ্ডাধীশ পংকজ বৰাৰ উপস্থিতিত পুৰণি পুখুৰীৰ পাৰত থকা এগৰাকী মহিলাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় চুৰি কৰা লোহা,লোহা কটা সামগ্ৰীৰ লগতে পাঁচটাকৈ চিলিণ্ডাৰ ৷

Sivsagar iron material theft
শিৱসাগৰত পুনৰ সক্ৰিয় লোহা চুৰি চক্ৰ
author img

By

Published : Aug 7, 2020, 11:59 AM IST

শিৱসাগৰ,7 আগষ্টঃ ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰী পাৰত পুনৰ সক্ৰিয় লোহা চুৰি চক্ৰ ৷ বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলা দণ্ডাধীশৰ উপস্থিতিত শিৱসাগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ লোহা আৰু চুৰিকাৰ্যত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰে ৷ উল্লেখ্য যে,শিৱসাগৰৰ ন পুখুৰী আৰু পুৰণি পুখুৰীৰ বিস্তীৰ্ণ অঞ্চল বহু বছৰৰ পৰা অ’এনজিচি অসম সম্পদে লোহা মজুদ কৰা গুদাম ৰূপে ব্যৱহাৰ কৰি আহিছে ৷ ইয়াক কেন্দ্ৰ কৰিয়েই অঞ্চলটো লোহা চুৰৰ ঘাটিলৈ পৰিণত হৈছিল ৷

শিৱসাগৰত পুনৰ সক্ৰিয় লোহা চুৰি চক্ৰ

আনহাতে,সঘনে সংঘটিত হোৱা লোহা চুৰি বন্ধ কৰা আৰু ঐতিহাসিক পুখুৰীটোৰ দুয়োটা পাৰ সংৰক্ষণ কৰাৰ বাবে অ’এনজিচি অসম সম্পদে গুদামটো স্থানান্তৰিত কৰে যদিও ইয়াত মজুত থকা কিছুসংখ্যক লোহাক কেন্দ্ৰ কৰিয়েই পুনৰ বৃদ্ধি পাইছে চুৰিকাৰ্য ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে নিশা শিৱসাগৰ জিলা দণ্ডাধীশ পংকজ বৰাৰ উপস্থিতিত পুৰণি পুখুৰীৰ পাৰত থকা এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰা হয় চুৰি কৰা লোহা,লোহা কটা সামগ্ৰীৰ লগতে পাঁচটাকৈ চিলিণ্ডাৰ ৷

ইয়াৰ উপৰিও আৰক্ষীয়ে মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে কেইবাডালো লোহাৰ পাইপ ৷ এই সমস্ত চুৰি কাৰ্যৰ সৈতে ৰংঘৰ চাৰি আলিৰ স্ক্ৰেপ ব্যৱসায়ী মামুজান জড়িত থকা বুলি স্বীকাৰ কৰিছে কণমাই হাজৰিকা নামৰ মহিলাগৰাকীয়ে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক-ডিমা হাছাওত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 202 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.