ETV Bharat / state

সংকটৰ মাজতো চৰকাৰী চিকিৎসালয়ত স্বাভাৱিক হাৰত চলিছে প্ৰসূতিজনিত চিকিৎসা - শিৱসাগৰ

সাধাৰণতে নিম্ন মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে একমাত্ৰ ভৰষা হৈছে চৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহ ৷ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা চৰকাৰী চিকিৎসালয় সমূহলৈ সাধাৰণ শ্ৰেণীৰ লোকৰ ব্যাপক আগমণ ঘটে । আন আন ৰোগৰ লগতে প্ৰসূতিজনিত চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত সাধাৰণ লোকৰ ভিৰ বহু বেছি ৷ কিন্তু মহামাৰীৰ এই পৰিপ্ৰেক্ষিতত চৰকাৰী চিকিৎসালয়ত আন আন ৰোগৰ লগতে প্ৰসূতিজনিত চিকিৎসা সমূহো ব্যাহত হোৱাৰ উপক্ৰম হৈছে ৷ কিন্তু এই সময়ছোৱাতো প্ৰসূতিজনিত চিকিৎসা আগৰ দৰেই চলিছে শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়ত ৷

Sivsagar
শিৱসাগৰ
author img

By

Published : Aug 14, 2020, 10:42 PM IST

শিৱসাগৰ, 14 আগষ্ট : কৰ'ণা ভাইৰাছৰ আতংকৰ মাজত সকলোবোৰ ব্যৱস্থাগত পদ্ধতি কিছু নহয় কিছু পৰিমাণে সলনি হৈছে । আৰ্থিক-সামাজ-সাংস্কৃতিক আদি সকলো দিশত পৰিৱৰ্তন আহিছে । চিকিৎসা ব্যৱস্থাটো আহিছে পৰিৱৰ্তন। চৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহত পৃথক কোভিড ৰোগীৰ চিকিৎসালয় স্থাপন কৰাত সাধাৰণতে দুখীয়া ৰাইজৰ ভৰষাৰ স্থল চৰকাৰী চিকিৎসালয় সমূহৰ চিকিৎসা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আহিল । সামগ্ৰিকভাৱে এনে পৰিৱৰ্তন আহিল যদিও শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়ত প্ৰসূতি চিকিৎসাৰ ক্ষেত্ৰত বিশেষ কোনো পৰিৱৰ্তন দেখা পোৱা নাই।

লগতে পঢ়কঃ দেৱাশীষ গগৈ হত্যাকাণ্ডঃ আদালতত দাখিল অভিযোগনামা

সাধাৰণতে নিম্ন মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে একমাত্ৰ ভৰষা হৈছে চৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহ ৷ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা চৰকাৰী চিকিৎসালয় সমূহলৈ সাধাৰণ শ্ৰেণীৰ লোকৰ ব্যাপক আগমণ ঘটে । আন আন ৰোগৰ লগতে প্ৰসূতিজনিত চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত সাধাৰণ লোকৰ ভিৰ বহু বেছি ৷ কিন্তু মহামাৰীৰ এই পৰিপ্ৰেক্ষিতত চৰকাৰী চিকিৎসালয়ত আন আন ৰোগৰ লগতে প্ৰসূতিজনিত চিকিৎসা সমূহো ব্যাহত হোৱাৰ উপক্ৰম হৈছে ৷ কিন্তু এই সময়ছোৱাতো প্ৰসূতিজনিত চিকিৎসা আগৰ দৰেই চলিছে শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়ত ৷

সংকটৰ মাজতো চৰকাৰী চিকিৎসালয়ত স্বাভাৱিক হাৰত চলিছে প্ৰসূতিজনিত চিকিৎসা

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মহামাৰীৰ আগৰ আৰু পাচৰ পৰিসংখ্যাও এই তথ্য প্ৰমাণ কৰে । চলিত বছৰৰ জানুৱাৰী মাহত শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত ৩৪৯ টা শিশু সাধাৰণ প্ৰসৱ হোৱাৰ বিপৰীতে অস্ত্ৰোপ্ৰচাৰ প্ৰসৱ হৈছিল ৭২ টি শিশু । সেইদৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত সাধাৰণ প্ৰসৱৰ সংখ্যা ২৮২ আৰু ২৭৫ হোৱাৰ বিপৰীতে উক্ত দুটা মাহত অস্ত্ৰোপ্ৰচাৰ প্ৰসৱৰ সংখ্যা আছিল ৬৬ আৰু ৫৫ টা । লক ডাউনৰ সময়ছোৱাত ভাইৰাছৰ ভয়ৰ লগতে স্বাভাৱিক কাৰণত চৰকাৰী চিকিৎসালয়খনত প্ৰসৱৰ সংখ্যা কিছু হ্ৰাস পাইছিল যদিও জুলাই মাহৰ পৰা এই হাৰ বৃদ্ধি পাইছে । জুলাই মাহত চিকিৎসালয়খনত ২৫৫ সাধাৰণ প্ৰসৱ হোৱাৰ বিপৰীতে অস্ত্ৰোপ্ৰচাৰ প্ৰসৱ হৈছে ৪৯ টা ।

লগতে পঢ়কঃ অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান !

মহামাৰীৰ সন্ত্ৰাসৰ এই সময়ছোৱাত সকলো অসুবিধা আওকাণ কৰি চিকিৎসালয়ৰ চিকিৎসক-নাৰ্ছ আদি সকলৰ প্ৰচেষ্টাত সুকলমে চলিছে প্ৰসূতি বিভাগ । দায়িত্ব পালনৰ সময় সীমা বাঢ়িছে । বাঢ়িছে অভাৰ টাইম , কিন্তু তথাপিও স্থৱিৰ হোৱা নাই প্ৰসূতিৰ চিকিৎসা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.