শিৱসাগৰ, 20 মে' : শিৱসাগৰ জিলাৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত সংখ্যা ৷ বৃহস্পতিবাৰে পুনৰ 3 গৰাকীৰ দেহত ধৰা পৰে ক'ভিডৰ অৱস্থিতি ৷ যোৱা 3 দিন ধৰি শিৱসাগৰ জিলা কাৰাগাৰৰ কয়দী সকলৰ ক'ভিড পৰীক্ষা অব্যাহত ৰাখিছিল জিলা স্বাস্থ্য বিভাগে ৷
তৃতীয় দিনাৰ ক'ভিড পৰীক্ষাত 3 গৰাকীকৈ কয়দী দেহত ক'ভিডৰ অৱস্থিতি পোৱাৰ পাচতে কাৰাগাৰখনৰ লগতে সমগ্ৰ জিলাখনতে এক আতংকই বিৰাজ কৰিছে ৷ উল্লেখ্য যে, মঙলবাৰে কাৰাগাৰখনৰ ৫১ গৰাকী, বুধাবাৰে 23 গৰাকী কয়দী দেহত ক'ভিডৰ অৱস্থিতি পোৱা গৈছিল ৷
বৃহস্পতিবাৰে মুঠ 50 গৰাকী কয়দীক ক'ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ তিনি গৰাকীৰ কয়দী দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ ইয়াৰ লগে লগে শিৱসাগৰ জিলা কাৰাগাৰত 77 গৰাকীলৈ বৃদ্ধি পায় ক'ভিড আক্ৰান্ত সংখ্যা ৷ জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি ৫১৭ গৰাকী কয়দী থকা শিৱসাগৰ জিলা কাৰাগাৰত এতিয়া শতাধিক কয়দীক ক'ভিড পৰীক্ষা কৰিবলৈ বাকী আছে ৷
ইফালে ক'ভিড আক্ৰান্ত সকলৰ বাবে কাৰাগাৰৰ ভিতৰতে সুকীয়া আইচলেচন ৱাৰ্ড স্থাপন কৰাৰ কথা জানিবলৈ দিছে স্বাস্থ্য বিভাগে ৷ লগতে গুৰুতৰভাৱে আক্ৰান্ত কয়দীসকলক কটকটীয়া নিৰাপত্তাৰ মাজেৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক: ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস