শিৱসাগৰ,15 ডিচেম্বৰ: শিৱসাগৰত অসম প্ৰদেশ কিষাণ মৰ্চাৰ উদ্যোগত শিৱসাগৰ যুৱ দলত যোগদান সমাৰোহ ৷ এই সমাৰোহত আটাছুৰ শিৱসাগৰ মহকুমা সমিতিৰ সভাপতি, NSUI ,সংগ্ৰামী যুৱ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যুৱ কংগ্ৰেছ কৰ্মীকে ধৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৬ শতাধিক লোকে বিজেপিত যোগদান কৰে ৷ এই সমাৰোহৰ সভাপতিত্ব কৰে কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰাই । এই সভাৰ আদৰণি ভাষণত প্ৰফুল্ল বৰাই বিজেপি চৰকাৰৰ জনমুখী আঁচনিৰ বাবেই ৰাইজ বিজেপিমুখী হোৱা বুলি মন্তব্য প্ৰদান কৰে ৷
আনহাতে, এই যোগদান সমাৰোহত উপস্থিত থাকি সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তপন গগৈয়ে বিজেপি চৰকাৰে গ্ৰহণ কৰা জনকল্যাণকামী আঁচনি সমূহৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ মঙলবাৰৰ এই সমাৰোহত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ফণী শৰ্মা, মন্ত্ৰী যোগেন মহন, বিধায়ক কুশল দুৱৰী,সুৰভী ৰাজকুঁৱৰী, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু সংখ্যক নেতা-কৰ্মী । ইয়াৰ উপৰিও এই সমাৰোহত সাংসদ কামাখ্যা প্ৰসাদ তাছাই দিল্লী আৰু হাৰিয়ানা সীমান্তত চলি থকা কৃষক বিদ্ৰোহত এজনো কৃষক নাই বুলি তীৰ্যক মন্তব্য কৰে ৷
লগতে পঢ়ক-22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ