ETV Bharat / state

শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত দ্বীপজ্যোতি কেওটক 'ৰসপ্ৰাণ' উপাধি প্ৰদান - অসমীয়া ধাৰাবাহিক

জনপ্ৰিয় কৌতুক শিল্পী বেহাৰবাৰীৰ মোহন খ্যাত দ্বীপজ্যোতি কেওটক 'ৰসপ্ৰাণ' উপাধি প্ৰদান। সাংস্কৃতিক মহাসভাৰ উদ্যোগত শিৱসাগৰৰ নাট্য মন্দিৰত এই উপাধিৰে বিভূষিত কৰা হয় মোহনক।

শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত দ্বীপজ্যোতি কেওটক 'ৰসপ্ৰাণ' উপাধি প্ৰদান
author img

By

Published : Jul 30, 2019, 10:32 PM IST

শিৱসাগৰ, 30জুলাইঃ শিৱসাগৰৰ নাট্য মন্দিৰত শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত চতুৰ্দশ কেন্দ্ৰীয় সাংস্কৃতিক উৎসৱ যোৱা ২৭ জুলাই পৰা অনুষ্ঠিত হৈ আছে। সাংস্কৃতিক মহাসভাৰ উদ্যোগত মঙলবাৰে পুৱাৰে পৰা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ পবিত্ৰ সোঁৱৰণত ৰাজ্যিক ভিত্তিত সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে উক্ত অনুষ্ঠানতে 'বেহাৰবাৰী আউটপ'ষ্ট' নামৰ জনপ্ৰিয় অসমীয়া ধাৰাবাহিকখনত মোহনৰ চৰিত্ৰ ৰূপায়ণ কৰা নগাঁৱৰ দ্বীপজ্যোতি কেওটক ৰসপ্ৰাণ উপাধি প্ৰদান কৰা হয়।

Intro:*শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত চতুৰ্দশ কেন্দ্ৰীয় সাংস্কৃতিক উৎসৱত বেহাৰবাৰী আউটপ'ষ্ট ক্ষ্যাত মোহন ক ৰসপ্রাণ বঁটা প্ৰদান*

Story RASHPRAN AWARD
Ananta smith
30th July,
Sivasagar

A_SVR_30TH_JULY_806-807_RASPRAN_AWARD_7203499

অসমীয়া ৰাইজৰ অতিকে চিনাকি কৌতুক শিল্পী বেহাৰবাৰীৰ মোহন খ্যাত দ্বীপজ্যোতি নেওঁগক 'ৰসপ্ৰাণ' উপাধি প্ৰদান।সাংস্কৃতিক মহাসভাৰ উদ্যোগত শিৱসাগৰৰ নাট্য মন্দিৰত এই বঁটাৰে বিভূষিত কৰা হয় মোহনক।

Body:শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত চতুৰ্দশ কেন্দ্ৰীয় সাংস্কৃতিক উৎসৱ যোৱা ২৭ জুলাই পৰা অনুষ্ঠিত হৈ আছে। অনুস্থানৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত এখন চিত্ৰাংকন প্রতিযোগিতা ও অনুস্থিত হৈ যায়। চিত্ৰাংকন প্রতিযোগিতা খনত প্রায় দুশৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ কৰে। সাংস্কৃতিক মহাসভাৰ উদ্যোগত আজি পুৱাৰে পৰা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ পবিত্ৰ সোঁৱৰণত ৰাজ্যিক ভিত্তিত গীতৰ প্রতিযোগিতা অনুস্থিত কৰা হৈছে। বৰেণ্য শিল্পীসকলৰ সোঁৱৰণিত অনুস্থিত প্রতিযোগিতা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্রতিযোগিয়ে অংশগ্ৰহণ কৰে। লগতে উক্ত অনুস্থানত আধুনিক সৃষ্টিশীল প্রতিযোগিতাত ও প্রতিযোগীৰ অদ্ভুত পূর্বে সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

উক্ত অনুস্থানত বেহাৰবাৰী আউটপ'ষ্ট নামৰ জনপ্ৰিয় অসমীয়া ধাৰাবাহিক খনত মোহন নামৰ ৰসিক চৰিত্ৰ ৰূপায়ন কৰা নগাঁওৰ দ্বীপজ্যোতি কেওঁট ক ৰসপ্রাণ বঁটা প্ৰদান কৰা হয়।শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকে ধৰি আগশাৰীৰ লোকে এই বঁটা প্ৰদান কৰে‌।

Bite : মোহন খ্যাত দ্বীপজ্যোতি কেওঁট

Conclusion:আজি সন্ধিয়ালৈ মোহনে এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ কর্মকর্তাসকলে সকলোৰ সাংস্কৃতিপ্রেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.