শিৱসাগৰ, 24 আগষ্টঃ অসমৰ প্ৰাকৃতিক পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা EIA 2020 খচৰা বাতিল কৰাৰ দাবীত শিৱসাগৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সোমাবাৰে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীসকলে কয় যে, এই EIA 2020 খচৰাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ খনিজ সম্পদসমূহ লুন্ঠনৰ ষড়যন্ত্ৰ ৰচিছে ৷ সকলো সময়তেই পৰিৱৰ্তনৰ কথা কোৱা শাসনাধীন চৰকাৰখনে আজিপৰ্যন্ত ৰাজ্যৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই ৷ এই সময়ত অসমত জলবিদ্যুৎ প্ৰকল্প নিৰ্মানৰ সিদ্ধান্তই অসমৰ ৰাইজক অনাগত দিনত আৰু বেছি বিপদৰ মুখলৈ ঠেলি পঠিয়াব ৷ এই EIA 2020 খন বাতিল নকৰা পৰ্যন্ত অনাগত দিনলৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সকিয়াই দিয়ে ৷