ETV Bharat / state

শিৱসাগৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ 'দাবী দিৱস' পালন - 'দাবী দিৱস'

শিৱসাগৰত 'দাবী দিৱস' পালন ৩টা সংগঠনৰ। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লয় ভাৰতীয় কমিউনিষ্ট পাৰ্টী, নিখিল ভাৰত কৃষক সভা আৰু কৃষি শ্ৰমিক সংঘৰ নেতৃত্বই।

শিৱসাগৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ 'দাবী দিৱস' পালন

author img

By

Published : Oct 14, 2020, 3:58 PM IST

শিৱসাগৰ, ১৪ অক্টোবৰ: শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি 'দাবী দিৱস' পালন কৰিলে বাঁওপন্থী সংগঠনে। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টী, নিখিল ভাৰত কৃষক সভা আৰু কৃষি শ্ৰমিক সংঘৰ কৰ্মকৰ্তাই। মূল্যবৃদ্ধি ৰোধ, উৎপাদিত শস্যৰ উচিত মূল্য নিৰ্ধাৰণ, কৃষি আইন বাতিলৰ দাবী জনায় সংগঠনকেইটাই। লগতে আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্ত আৰু অৱহেলিত হৈ পৰি থকা ৰাজ্যৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবী জনায়। 'দাবী দিৱস'ৰ এই কাৰ্যসূচীত সংগঠনকেইটাৰ নেতৃত্বৰ লগতে কৰ্মীসকলেও অংশগ্ৰহণ কৰে।

লগতে পঢ়ক:নুনমাটিৰ চেক্টৰ 1-ত ভূমিস্খলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.