আমগুৰি,11 নৱেম্বৰ: আমগুৰিৰ ৰাজহুৱা ভৱনৰ সমীপত নামনিমুৱা চলন্ত ৰে'লৰ আগত পৰি আত্মহত্যা কৰে এগৰাকী মহিলাই ৷ নিহত মহিলাগৰাকী আমগুৰি পৌৰসভাৰ ৪নং ৱাৰ্ডৰ নিৱাসী নবীন দত্তৰ পত্নী ৰূপালী দত্ত বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতে আত্মহত্যা কৰা স্থানৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ হয় ৷ চুইচাইড নোটত লিখা আছিল বহু আপত্তিজনক তথ্য ৷ আৰক্ষীয়ে চুইচাইড নোট উদ্ধাৰৰ পিচতে পোহৰলৈ আহে এই ঘটনা প্ৰেমজনিত কাৰণতে সংঘটিত হোৱাৰ কথা ৷
ইফালে ছুইচাইড নোটত স্পষ্টকৈ উল্লেখ আছে পংকজ নাথ নামৰ এজন ব্যক্তিৰ বিষয়ে ৷ তদন্তৰ পিচতহে পোহৰলৈ আহিব
সমগ্ৰ ঘটনা ৷ ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৰে'লৱে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ নিজ পুত্ৰৰ ওপৰত পিতৃৰ অমানৱিক অত্যাচাৰ