শিৱসাগৰ, 14 নৱেম্বৰ: এইবাৰ শিৱসাগৰৰ নামতিত সংঘটিত হয় বেংক একাউন্ট হেকৰ ঘটনা ৷ নামতিৰ ষ্টেট বেংক চেপাঙনী শাখাৰ পৰা হেকাৰে লুটিলে 6 লক্ষাধিক টকা ৷ চুব্ৰাত আলী নামৰ অৱসৰপ্ৰাপ্ত জোৱানগৰাকীৰ বেংক একাউন্টৰ পৰা দুৰ্বৃত্তই লুটি নিলে 6 লাখ 54 হাজাৰ 84 টকা ৷

বৃহস্পতিবাৰে টকা উলিয়াবৰ বাবে বেংকলৈ যোৱাৰ পিচতে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হয় জোৱানগৰাকী ৷ এই ঘটনাই গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে মানসিকভাৱে ভাগি পৰিছে ভুক্তভোগী পৰিয়ালটো ৷ ভুক্তভোগী চুব্ৰাত আলীয়ে ঘটনা সন্দৰ্ভত আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে ষ্টেট বেংক চেপাঙনী শাখাৰ পৰিচালকক তদন্তৰ বাবে দাবী জনায় ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আমগুৰি আৰক্ষীয়ে 196/19 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: দৰং আৰক্ষীৰ সাফল্য: গ্ৰেপ্তাৰ চাহপাত ভৰ্তি ট্ৰাক চুৰিকাণ্ডৰ মূল নায়ক