আমগুৰি,28 ডিচেম্বৰঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বাহিৰতো গছৰ পাতত সুৰৰ লহৰ তুলি খ্যাতি লাভ কৰা এজন শিল্পী ৷ তেওঁ কেৱল এগৰাকী শিল্পীয়েই নহয়, অসম আৰক্ষীৰ এগৰাকী দক্ষ বিষয়াও ৷ আৰক্ষী বিষয়াগৰাকী আমগুৰিৰ সুশীল লাহন ৷ শিৱসাগৰ জিলাৰ আমগুৰি বৰবামৰ নিবাসী সুশীল লাহন সম্প্ৰতি আমগুৰি আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক ৷ সৰুতে গৰু চৰাই থকা অৱস্থাতেই পোহাৰী লতাৰ পাতত গীতৰ লহৰ তুলিছিল সুশীল লাহনে ৷ গছৰ পাততেই জীৱনৰ অন্য এক অৰ্থ বিচাৰি লোৱা সুশীল লাহনে প্ৰয়াত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা, দিপালী বৰঠাকুৰ, লতা মংগেশকাৰ, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, দলী ঘোষ, ৰাজেন গোঁহাইৰ গীতত পোহাৰী লতাৰ পাতেৰে সুৰ দিয়ে । অসমৰ বাহিৰতো সমাদৃত সুশীল লাহনৰ পাতত সুৰ দিয়া এই বিশেষ সৃষ্টিৰাজি ৷ সকলোৱে প্ৰশংসা কৰে তেওঁৰ এই বিশেষ প্ৰতিভাক ৷
লগতে চাওকঃবলীউডত নতুন তাৰকাৰ চিকমিকনি