ETV Bharat / state

অচিন ৰোগত আক্ৰান্ত ৰিতুমণিক আৰ্থিক সহায়ৰ প্ৰয়োজন

author img

By

Published : Jun 16, 2021, 9:01 PM IST

শিৱসাগৰৰ হাঁহচৰাৰ মৈৰামাৰী বোকাপানী গাঁৱৰ এগৰাকী যুৱতীৰ দেহত অচিন ৰোগে দেখাৰ দিয়াৰ ফলত দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ আছে যুৱতীগৰাকী ৷ দৰিদ্ৰ পৰিয়ালৰ ৰিতুমণি হাজৰিকা নামৰ যুৱতীগৰাকীক এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন ৷ আৰ্থিক সহায়ৰ বাবে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান ৰিতুমণিৰ পৰিয়াল তথা শুভাকাংক্ষীৰ ।

ritumani-hazarika-needs-financial-help
ৰিতুমণিক আৰ্থিক সহায়ৰ প্ৰয়োজন

শিৱসাগৰ, 16 জুন : দীৰ্ঘদিনৰ পৰা শয্যাশায়ী হৈ আছে শিৱসাগৰৰ হাঁহচৰাৰ মৈৰামাৰী বোকাপানী গাঁৱৰ এগৰাকী যুৱতী ৷ এক অচিন ৰোগত আক্ৰান্ত হৈ নিজ ঘৰতে শয্যাশায়ী হৈ আছে ৰিতুমণি হাজৰিকা নামৰ 23 বছৰীয়া মেধাৱী যুৱতীগৰাকী ৷ দৰিদ্ৰ পৰিয়ালৰ ৰিতুমণিয়ে 2019 বৰ্ষত নাজিৰা মহাবিদ্যালয়ৰ পৰা সমাজতত্ব বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

ৰিতুমণিক আৰ্থিক সহায়ৰ প্ৰয়োজন

দেহত এটাৰ পাচত আন এটা বেমাৰে থিতাপি লোৱাৰ বাবে বস্ত্ৰ পৰিধান কৰাতো অসুবিধাৰ সন্মুখীন হৈছে ৰিতুমণিয়ে । সামান্য এখন কাপোৰেৰে লজ্জা নিবাৰণ কৰি অসহায়ভাৱে মাহৰ পিছত মাহ বিচনাত পৰি আছে অসহায় যুৱতীগৰাকীয়ে । আনহাতে, ৰিতুমণিৰ ঘৰত সাঁচতীয়া বুলিবলৈ এপইচাও নাই ৷

উপযুক্ত চিকিৎসাৰ অভাৱত বিচনাতে পৰি থকা ৰিতুমণিয়ে বিচাৰিছে সহায়ৰ হাত । ৰিতুমণিক আৰ্থিক সহায়ৰ বাবে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে ৰিতুমণিৰ পৰিয়াল তথা শুভাকাংক্ষীয়ে । মেধাৱী ছাত্ৰী গৰাকীক এতিয়া চিকিৎসাৰ প্ৰয়োজন, যাৰ বাবে আৰ্থিকভাৱে অপৰাগ তেওঁৰ পিতৃ-মাতৃ । কোনো সদাশয় লোকে যদি ৰিতুমণি হাজৰিকাক সহায় কৰিব বিচাৰে, তেন্তে ৰিতুমণিৰ কানাড়া বেংকৰ একাউণ্টত টকা প্ৰেৰণ কৰিব পাৰিব । ৰিতুমণিৰ ম’বাইল নং- 8811948650, কানাড়া বেংক- Ritumoni Hazarika একাউণ্ট নং- 5353108000120 IFSC Code- CNRB0005353 ৷

লগতে পঢ়ক : মুক্ত আকাশৰ তলত দেবাংগনা : কি ক’লে মাতৃয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.