ETV Bharat / state

বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী - shibanuj borkataky secured 9th position in h.s final exam

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখলেৰে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই শিৱানুজ বৰকটকীয়ে ৷

shibanuj borkataky secured 9th position in h.s final exam

author img

By

Published : Jun 25, 2020, 12:23 PM IST

আমগুৰি, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত বিজ্ঞান শাখাত আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই ৷ ছাত্ৰগৰাকী আমগুৰিৰ অৰুণোদয় একাডেমীৰ শিৱানুজ বৰকটকী ৷ মুঠ ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱানুজে ৷ আমগুৰি পৌৰসভাৰ সহকাৰী অভিযন্তা সঞ্জীৱ বৰকটকী আৰু কমলাক্ষী বৰকটকীৰ পুত্ৰ শিৱানুজে ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য মনত পুহি ৰাখিছে ৷ উল্লেখ্য যে, ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শিৱানুজে অৰুণোদয় একাডেমীৰ পৰা সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ছাত্ৰগৰাকীয়ে অক্ষুন্ন ৰখা এই সাফল্যৰ ধাৰাবাহিকতাই উৎফুল্লিত কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক ৷

বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

লগতে পঢ়কঃ চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.