ETV Bharat / state

নামতিৰ এগৰাকী অক্লান্ত পৰিশ্ৰমী মহিলাৰ জীৱন সংগ্ৰাম - গাই গৰু পালন

শিৱসাগৰ জিলাৰ নামতি চাৰিআলি খঙীয়া গাঁৱৰ এগৰাকী অক্লান্ত পৰিশ্ৰমী মহিলাৰ সংগ্ৰামী জীৱন কাহিনী ৷ বিগত ১৫বছৰ ধৰি উন্নত জাতৰ গৰু পালন কৰি দেখুৱাইছে মহিলা স্বাৱলম্বীতাৰ এক অন্যতম নিদৰ্শন ৷

নামতিৰ এগৰাকী অক্লান্ত পৰিশ্ৰমী মহিলাৰ জীৱন সংগ্ৰাম

author img

By

Published : Apr 23, 2021, 3:05 PM IST

আমগুৰি,23 এপ্ৰিল: শিৱসাগৰ জিলাৰ নামতি চাৰিআলি খঙীয়া গাঁৱৰ এগৰাকী অক্লান্ত পৰিশ্ৰমী মহিলাৰ সংগ্ৰামী জীৱন কাহিনী ৷ বিগত ১৫বছৰ ধৰি উন্নত জাতৰ গৰু পালন কৰি দেখুৱাইছে মহিলা স্বাৱলম্বীতাৰ এক অন্যতম নিদৰ্শন ৷

নিৰু শইকীয়া নামৰ চল্লিশ উৰ্দ্ধৰ মহিলাগৰাকীয়ে ৰুগীয়া স্বামীৰ চিকিৎসা খৰচ আৰু পৰিয়াল পোহপাল দিবৰ কাৰণে উন্নত জাতৰ গৰু পালন কৰি আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে । সাতজনী উন্নত জাতৰ গৰু পালন কৰি আছে এই পৰিয়ালটোৱে ৷ দৈনিক প্ৰায় পঞ্চাশ লিটাৰো অধিক গাখীৰ উৎপাদন হয় ৷ নিৰু শইকীয়াই চাইকেলেৰে গাখীৰ বিক্ৰী কৰিবলৈ যায় গাঁৱৰ বিভিন্ন অঞ্চলত ৷ বৰ্তমান নিৰু শইকীয়াই আত্মনিয়োজনৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

নামতিৰ এগৰাকী অক্লান্ত পৰিশ্ৰমী মহিলাৰ জীৱন সংগ্ৰাম

উল্লেখ্য যে, পশুপালন বিভাগৰ কোনো এখন আঁচনিয়ে ঢুকি নোপোৱা দৰিদ্ৰ পৰিয়ালটোৱে আজিও প্ৰধানমন্ত্ৰী আৱাস গৃহ, বিনামূলীয়া বৈদ্যুতিকীকৰণ আঁচনি লাভ নকৰিলে । এটা জৰাজীৰ্ণ গৃহতে পোৱালিসহ সাতজনীকৈ গাই গৰু পালন কৰি সমাজলৈ আৰ্হি দেখুওৱা মহিলা গৰাকীয়ে চাইকেল চলাইয়ে যোৱা ১৫ বছৰে অশেষ কষ্ট কৰি আহিছে ।

বিগত ১০ বছৰে হাড়ৰ অসুখত ভুগি থকা স্বামী লোহিত শইকীয়াৰ চিকিৎসাৰ ব্যয় গাখীৰ বিক্ৰী কৰা টকাৰেই কৰি আহিছে । তৎসত্ত্বেও গুৰুত্ব নাই চৰকাৰী বিভাগৰ ।

লগতে পঢ়ক: অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু মৰিগাঁও প্ৰসাশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.