ETV Bharat / state

Pork controversy at Assam Sahitya Sabha: গাহৰি মাংস সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

author img

By

Published : Jul 25, 2022, 5:07 PM IST

‘‘অসমখন এখন বৈচিত্ৰময় ৰাজ্য ৷ ইয়াত সকলোৰে নিজা নিজা খাদ্য সম্ভাৰ আছে ৷ ইজনৰ লগত সিজনৰ খাদ্য সম্ভাৰ নিমিলে৷ খাদ্য সম্ভাৰক লৈ বা সাজ পোছাকক লৈ অসম সাহিত্য সভাৰ নিচিনা এটা বৃহৎ অনুষ্ঠানত এইদৰে লাগি থকাটো ভাল লগা কথা নহয় ৷’’ অসম সাহিত্য সভাত গাহৰি মাংসৰ ভাজি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ (Jadav Sarma on Pork controversy) ৷

Pork controversy at Assam Sahitya Sabha
অসম সাহিত্য সভাত গাহৰি মাংসৰ ভাজি, প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

ডিব্ৰুগড়, 25 জুলাই: ৰাজ্যজুৰি অব্যাহত আছে গাহৰি মাসং বিতৰ্ক (Pork controversy in Assam) ৷ দেওবাৰে শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ দুপৰীয়াৰ আহাৰত গাহৰি মাংস আৰু পলুৰ ভাজিক লৈ সৃষ্টি হৈছে বিতৰ্কৰ (Pork controversy at Sahitya Sabha) ৷ একাংশ লোকে গম নোপোৱাকৈ গাহৰি মাংস পৰিৱেশন কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সাহিত্য সভাৰ বাকৰিত (Pork banned at Sahitya Sabha) ৷

যি সময়ত আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে যোৱা 15 জুলাইৰ পৰা শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত গাহৰি মাংস কটা, কিনা-বেচা আদি সম্পূৰ্ণ নিষিদ্ধ ৰাখিছে, সেই সময়তে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত গাহৰি পৰিৱেশন কৰা বিষয়ক লৈ হুলস্থুলৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে আজি এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই (Jadav Sarma on Pork controversy) ৷

প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

শৰ্মাই কয়, "সাহিত্য সভাৰ বাকৰিত খাদ্যাসম্ভাৰক লৈ কিছু সামাজিক মাধ্যমত কিছু বিতৰ্ক পৰিলক্ষিত কৰিছোঁ ৷ অসম সাহিত্য সভাৰ ফালৰ পৰা খাদ্য কমিটিক খাদ্যাভাষৰ ক্ষেত্ৰত কেনেধৰণৰ খাদ্য পৰিৱেশন কৰিব কৰিব তাৰ বাবে কোনো নিৰ্দেশনা দিয়া হোৱা নাছিল ৷ আমাক জনাইছিল যে জনগোষ্ঠীয় আৰু জনজাতীয় খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰিব’’ ৷

তেওঁ লগতে কয়, ‘‘অসমখন এখন বৈচিত্ৰময় ৰাজ্য ৷ ইয়াত সকলোৰে নিজা নিজা খাদ্য সম্ভাৰ আছে ৷ ইজনৰ লগত সিজনৰ খাদ্য সম্ভাৰ নিমিলে৷ খাদ্য সম্ভাৰক লৈ বা সাজ পোছাকক লৈ অসম সাহিত্য সভাৰ নিচিনা এটা বৃহৎ অনুষ্ঠানত এইদৰে লাগি থকাটো ভাল লগা কথা নহয় (Secretary of Assam Sahitya Sabha reacts on Pork issue)৷" এই সামান্য কথাবোৰত বিৰ্তক হ'ব নালাগে বুলি আহ্বান জনায় প্ৰধান সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক: Pork controversy at Sahitya Sabha: সাহিত্য সভাৰ বাকৰিত গাহৰি মাংসৰ ভাজি; লাগিল হুৱা-দুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.