ETV Bharat / state

Scam in JJM scheme : জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ - ঠিকাদাৰৰ ব্যাপক লুণ্ঠন

আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ ৷ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি স্থানীয় লোকে নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে দেওবাৰে ৷

SCAM IN JAL JEEVAN MISSION SCHEME IN AMGURI
জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 1:02 PM IST

জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ

আমগুৰি, 29 অক্টোবৰ : ৰাজ্য চৰকাৰে জল জীৱন মিচন আঁচনি ৰূপায়ণত কোটি কোটি টকা ব্যয় কৰি জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ সময়তে আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । আমগুৰিত কেবাখনো জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ ৷

লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনৰ উত্তৰ ঘৰফলীয়া পানী যোগান আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ ফলত নিৰ্মীয়মান অৱস্থাতে ভাঙি যোৱা পৰিলক্ষিত হৈছে কংক্ৰিটৰ দেৱাল । উল্লেখ্য যে, আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনত পাঁচটা পানী যোগান আঁচনি নিৰ্মীয়মান অৱস্থাত আছে ৷ যদিও প্ৰত্যেকটোতে দুৰ্নীতি আৰু অনিয়মেৰে নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছে ।

আঁচনিসমূহত নিম্নমানৰ ইটা, চিমেন্ট, বালি ব্যৱহাৰৰ বাবে নিৰ্মীয়মাণ অৱস্থাতে ফাঁট মেলিবলৈ ধৰিছে । দেওবাৰে স্থানীয় লোকে নিৰ্মাণকাৰ্য বন্ধ কৰি ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । লালিম চাপৰি গাঁও পঞ্চায়তৰ সভাপতি শশাংক গগৈয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি আলিচুক হাতীমূৰীয়া, জৰাধৰা দোপদৰ, মাধৱনগৰ, কোঁৱৰ গাঁও, লালিম চাপৰি অঞ্চলত পাঁচটা পানী যোগান আঁচনি নিৰ্মীয়মাণ অৱস্থাত আছে ।

এই আঁচনিসমূহত নিম্নমানৰ ইটা, চিমেন্ট, বালি ব্যৱহাৰৰ বাবে নিৰ্মীয়মাণ অৱস্থাতে ফাঁট মেলিবলৈ ধৰিছে । পানী যোগান আঁচনি ৰূপায়ণত ঠিকাদাৰৰ ব্যাপক লুণ্ঠনৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ এই সন্দৰ্ভত দেওবাৰে ক্ষোভ প্ৰকাশ কৰি স্থানীয় লোকে নিৰ্মাণ কাৰ্য বন্ধ কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ দাবী জনায় । আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ বিৰুদ্ধেও পানী যোগান আঁচনি পৰিদৰ্শন নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: NHRC to JMCH : মৃত নৱজাতকৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য প্ৰদানৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.