ETV Bharat / state

শিৱসাগৰত কেন্দ্ৰীয়ভাৱে আয়োজন বীৰাংগনা সতী সাধনী স্মৃতি দিৱস

author img

By

Published : Apr 21, 2019, 10:13 PM IST

আহোমৰ লগত হোৱা শেষ ৰণত পৰাজয়ৰ পাচতো আত্মসমৰ্পণ নকৰি স্বদেশ আৰু স্বজাতিৰ মৰ্যাদা অক্ষুন্ন ৰাখি সাহসিকতাৰ পৰিচয় দিয়া মহিয়সী নাৰীগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ অসম চৰকাৰৰ ৷

বিৰাংগনা সতী সাধনী স্মৃতি দিৱস

শিৱসাগৰ, 21 এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো সশ্ৰদ্ধ সোঁৱৰণ চুতীয়া ৰাণী বীৰাংগনা সতী সাধনীক ৷ চুতীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক বীৰাংগনা ৰাণী সতী সাধনীৰ স্মৃতি দিৱস অতি আড়ম্বৰপূৰ্ণ আয়োজন কৰা হয় শিৱসাগৰ নগৰত ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন,সদৌ চুতীয়া জাতি মহিলা সন্মিলন,চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত স্থানীয় বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় স্মৃতি দিৱসৰ ৷ দেওবাৰে পুৱাই বৃক্ষ ৰোপণ,স্মৃতি তৰ্পণ,সংকল্প গ্ৰহণ আদি কাৰ্যসূচীৰ লগতে জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰতিফলন কৰা সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় নগৰখনত ৷

বিৰাংগনা সতী সাধনী স্মৃতি দিৱস

বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল যদিও নিৰ্বাচনী ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰাত চৰকাৰক প্ৰতিনিধিত্ব কৰি উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি স্মৃতি দিৱস উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'সৌমাৰ ৰতন" উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চুতীয়া জাতিৰ লগতে অসমীয়াৰ বাবে আদৰ্শস্বৰূপ এইগৰাকী মহিয়সী নাৰীৰ আদৰ্শক সাৰোগত কৰি যাতে ৰাজ্যৰ নৱ প্ৰজন্ম আগুৱাই যাব পাৰে তাৰ বাবে আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হৈছে এই দিৱসৰ ৷

*শিৱসাগৰত বীৰাঙ্গণা সতী সাধনী স্মৃতি দিৱস উদযাপন-মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেই সম্পন্ন কৰিলে সাধনী দিৱস*
Story-SADHANI_DIVAS
Ananta Smith
Sivasagar
21st April

A_SVR_21ST_801-802_SADHANI_DIVAS_ANANTA

চুতীয়া জাতিৰ স্বাভিমান সতী সাধনীৰ স্মৃতি দিৱস আজি শিৱসাগৰ নগৰত আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হয়।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সন্মিলন,সদৌ চুতীয়া জাতি মহিলা সন্মিলন,চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত স্থানীয় বৰ্ডিং খেলপথাৰত এই স্মৃতি দিৱস অনুষ্ঠিত হয়।ষষ্ঠদশ শতিকাৰ আৰম্ভণিতে আহোমৰ লগত হোৱা শেষ ৰণত চুতীয়া ৰাণী সাধনীয়ে পৰাজয়ৰ পাছতো আত্মসমৰ্পণ নকৰি স্বদেশ আৰু স্বজাতিৰ মৰ্যাদা অক্ষুন্ন ৰাখি কুবেৰ প্ৰদত্ত সম্পত্তি বুকুত বান্ধি আত্মত্যাগ কৰিলে।এইগৰাকী মহিয়সী নাৰী চুতীয়া জাতিৰ লগতে অসমীয়াৰ  আদৰ্শ স্বৰূপ।এইগৰাকী নাৰীৰ পৱিত্ৰ স্মৃতিত প্ৰতি বছৰে অসম চৰকাৰৰ উদ্যোগত বীৰাঙ্গণা সতী সাধনী দিৱস উদযাপন কৰি অহা হৈছে।আজি শিৱসাগৰত অনুষ্ঠিত এদিনীয়া কাৰ্যসূচীত পুৱা বৃক্ষ ৰোপণ,স্মৃতি তৰ্পণ,সংকল্প গ্ৰহণ আদি কাৰ্যসূচীৰ লগতে দিনত এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্ৰতিফলন কৰা এই শোভাযাত্ৰাই নগৰখন পৰিভ্ৰমণ কৰে।বিয়লি অনুষ্ঠিত মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থকাৰ কথা আছিল যদিও নিৰ্বাচনী ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে যদিও চৰকাৰক প্ৰতিনিধিত্ব কৰি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নল কুমাৰ দলে উপস্থিত থাকি স্মৃতি দিৱস উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'সৌমাৰ ৰতন" উন্মোচন কৰে।শিৱসাগৰ ছোৱালী কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জিত তামুলীয়ে নিৰ্দিষ্ট বক্তাৰূপে স্মৃতি দিৱসত উপস্থিত থাকে।অসমৰ বিভিন্ন প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা তাছা,থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী,মাহমৰা বিধান সভা সমষ্টিৰ বিধায়ক যোগেন মহন,অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালিকা বৰ্ণালী শৰ্মা আদিকে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Bite- নৱ কুমাৰ দলে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.