শিৱসাগৰ, 30 ছেপ্টেম্বৰঃ ৰাজ্যত আৰম্ভ হৈছে উপনিৰ্বাচনৰ বতাহ ৷ সম্প্ৰতি ৰাজ্যৰ চাৰিওটা সমষ্টিটে ঘোষণা কৰা হৈছে প্ৰাৰ্থী তালিকা ৷ এই সময়তেই জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ দুগৰাকী বিশিষ্ট ব্যক্তিৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকী প্ৰথমে উপস্থিত হয় দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেণ ভূঞাৰ বাসগৃহত ৷ ৰাজ্যৰ বিভিন্ন উন্নয়ণমূলক আঁচনিৰ লগতে সামাজিক সমস্যাৰাজি সন্দৰ্ভত অধ্যাপকগৰাকীৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷ লগতে আগন্তুক উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে আশাপ্ৰদ ফলাফল লাভ কৰিব বুলিও দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
অধ্যক্ষ হৰেণ ভূঞাৰ বাসগৃহ ভ্ৰমণৰ পাছতে শিক্ষাবিদ তথা সাহিত্যিক নাহেন্দ্ৰ পাদুনৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নাহেন্দ্ৰ পাদুনৰ গণকপট্টিস্থিত বাসগৃহত উপস্থিত হৈ সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা অসমীয়া ভাষা সাহিত্যৰ সাধক আৰু মিচিং ভাষাৰ আভাস, মিচিং সংস্কৃতিৰ আলেখ্য, অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙনিকে ধৰি কুৰিৰো অধিক তত্বগধুৰ গ্ৰন্থৰ ৰচনা কৰিছে সাহিত্যিক নাহেন্দ্ৰ পাদুনে ৷ সাহিত্যিকগৰাকীৰ বাসগৃহত মূখ্যমন্ত্ৰী গৰাকী উপস্থিত হোৱাত উৎসাহিত হৈ পৰে সাহিত্যিক গৰাকী ৷ মূখ্যমন্ত্ৰী গৰাকীক বাসগৃহলৈ আদৰনি জনোৱাৰ লগতে স্বৰচিত গ্ৰন্থৰ টোপোলাও উপহাৰ হিচাপে আগবঢ়াই সাহিত্যিক গৰাকীয়ে ৷