ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ

ক'ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে অতি ভয়াবহভাৱে বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ ৷ শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ ৷ আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰ সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ সংগঠনটোৰ ৷

sangrami-yuva-satra-parisad-appeals-government-to-control-price-hike
মূল্যবৃদ্ধি ৰোধ নকৰিলে প্ৰতিবাদৰ হুংকাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ
author img

By

Published : Jul 12, 2021, 10:57 PM IST

শিৱসাগৰ, 12 জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰ আৰু ৰাজ্যখনৰ কেইবাটাও বিষয়ক লৈ সৰৱ হৈ উঠিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ ৷ সোমবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই বিষয়সমূহক লৈ সৰৱ হৈ পৰে পৰিষদৰ সভাপতি দেৱজিৎ দত্ত ৷ চৰকাৰক অতি শীঘ্ৰে আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই ইয়াৰ অন্যথা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ বাবে সাজু থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷

মূল্যবৃদ্ধি ৰোধ নকৰিলে প্ৰতিবাদৰ হুংকাৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ

ক'ভিডৰ গ্ৰাসত পৰা দৰিদ্ৰসকলক চৰকাৰে সামান্যতমো আৰ্থিক সাহায্য নিদিয়াত ক্ষোভ প্ৰকাশ কৰি পৰিষদে দৰিদ্ৰ পৰিয়ালক অতি কমেও পাঁচ হেজাৰ টকাকৈ সাহাৰ্য প্ৰদানৰ দাবী জনায় ৷ ইয়াৰ লগতে পেট্ৰ'ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি সমালোচনা পৰিষদৰ ৷

উল্লেখ্য যে,শিৱসাগৰ জিলা যোগান বিভাগে অসাধু ব্যৱসায়ী চক্ৰক নিয়ন্ত্ৰণ কৰাত বিফল হোৱা বুলিও সমালোচনা কৰিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৷ লগতে তৎকালীনভাৱে আকাশলংঘী মূল্যবৃদ্ধি ৰোধ নকৰিলে ৰাজপথত নামিবলৈ বাধ্য হ'ব বুলি সংবাদমেলখনৰ জড়িয়তে হুংকাৰ দিছে পৰিষদে ৷ আনহাতে সোমবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন কালতে শিৱসাগৰৰ পৰ্যটন উদ্যোগৰ বাবে আৰ্থিক পেকেজৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ এই ক্ষেত্ৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা বাস্তৱ কৰিবলৈ চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাইছে পৰিষদে ৷

ইপিনে শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ চৌহদত থকা গছ সমূহ কাটি পেলোৱা কাৰ্যকো তীব্ৰ গৰিহণা দি দৌল কমিটিয়ে নিজৰ মাজতে আলোচনা কৰি মইমতালিৰে গছ কটা বুলি অভিযোগ উত্থাপন কৰিছে পৰিষদে । ৰাজ্যত সম্প্ৰীতি বাচ-বিচাৰ নকৰাকৈ আইন উলংঘা কৰি আৰক্ষীয়ে হত্যা যজ্ঞ চলোৱা বুলি সমালোচনা কৰিছে পৰিষদৰ সদস্যসকলে ৷

বিভিন্ন অপৰাধত অভিযুক্তসকলক আদালতৰ কাঠগড়াত থিয় নকৰাই আৰক্ষীয়ে এনকাউণ্টাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলিও ক্ষোভ প্ৰকাশ কৰে পৰিষদে ৷ আনহাতে সংবাদমেলত ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত হোৱা বিতৰ্ককলৈও মত প্ৰকাশ কৰিছে পৰিষদে ৷ অখিল গগৈক শিৱসাগৰ সমষ্টিত জয়ী কৰোৱা কৃতিত্ব কেৱল এটা বা দুটা সংগঠনৰ নহয়, সকলো ৰাইজৰ কৃতিত্ব বুলি মন্তব্য কৰিছে পৰিষদৰ সভাপতি দেৱজিৎ দত্তই ৷

লগতে পঢ়কঃ বিধানসভাত উত্থাপিত হ’ল বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.