আমগুৰি, ১৪ জুনঃ শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত গৰু চোৰ গ্ৰেপ্তাৰ ৷ হালোৱাটিং আৰক্ষীয়ে আমগুৰি চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনিটাকৈ গভাইট চোৰক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা ক্ৰমে, হালোৱাটিং কপাহতলী মিছিং গাঁৱৰ বিকাশ পাংগিং(২৯), সনাতন টায়(২১) আৰু প্ৰণৱ নৰহ(২৬) বুলি জানিব পৰা গৈছে । চোৰ তিনিটাই গৰু চুৰি কৰি নগালেণ্ডত বিক্ৰি কৰি চলাই আহিছিল বৃহৎ ব্যৱসায় ৷
![Rustler Arrested from aamguri Sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7608828_939_7608828_1592103974505.png)