ETV Bharat / state

Rangali Bihu 2023: বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ লাই খুঁটা স্থাপন

author img

By

Published : Apr 9, 2023, 3:17 PM IST

বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ আজি লাইখুটা স্থাপন অনুষ্ঠান ৷ আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত, গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী হৰিহৰদেৱ গোস্বামীয়ে কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ লাইখুটা স্থাপন কৰে ৷ ৫৪ টা বৰ্ষত ভৰি দিয়া আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ অহা ৩০ এপ্ৰিল আৰু ১ মে'ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব (Bihu Preparation in Amguri) ৷

Bihu Preparation in Amguri
আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ লাই খুঁটা স্থাপন
আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ লাইখুটা স্থাপন

আমগুৰি, ৯ এপ্ৰিল: পদূলি মুখত হেঁপাহৰ ৰঙালী বিহু ৷ ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্ততি ৷ আখৰাত ব্যস্ত ঢুলীয়া-নাচনী, তাঁতশালতো ব্যস্ততা বাঢ়িছে শিপিনীৰ ৷ সমন্তৰালভাৱে বিহুক আদৰাৰ প্ৰস্ততিত ব্যস্ত ৰাজ্যৰ বিহু উদযাপন সমিতি সমূহ (Bihu preparation in Assam) ৷ শিৱসাগৰ জিলাৰ আমগুৰিতো এতিয়া পূৰ্ণদ্যোমে চলিছে ৰঙালীক আদৰাৰ প্ৰস্ততি ৷

বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ আজি লাই খুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয় ৷ আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত, গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী হৰিহৰদেৱ গোস্বামীয়ে কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ লাই খুঁটা স্থাপন কৰে (Rongali Bihu preparation in Assam) ৷

এই অনুষ্ঠানত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৫৪ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ নিমন্ত্ৰণী পত্ৰ তথা কাৰ্যসূচী উন্মোচন কৰে ৷ উদযাপন সমিতিৰ মুখ্য সম্পাদক অভিস্পিত শইকীয়াই আঁত ধৰা অনুষ্ঠানত অসমীয়া সংস্কৃতিৰ হুঁচৰি, মিচিং জনগোষ্ঠীৰ হুঁচৰি, আমগুৰি মাৰোৱাৰী সমাজৰ সাংস্কৃতিক দল, চাহ জনগোষ্ঠীৰ সাংস্কৃতিক দল, ভোজপুৰীৰ লগতে বেংগলী সমাজৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, ৫৪ টা বৰ্ষত ভৰি দিয়া আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ অহা ৩০ এপ্ৰিল আৰু ১ মে'ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব (Laai Khuta Set Up of Amguri Kendriya Rangali Utsav) ৷

৩০ এপ্ৰিলত পুৱা পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ডাঃ ডিম্বেশ্বৰ দত্তই, স্মৃতি তৰ্পন কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সুদৰ্শন বব হাজৰিকাই, মঞ্চ আৰু মণ্ডপ উদ্বোধন কৰিব উদযাপন সমিতিৰ মুখ্য উপদেষ্টা দিগন্ত বৰুৱাই, বাণিজ্য মেলাৰ উদ্বোধন কৰিব জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওগে ৷ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা সদৌ অসম ভিত্তিক কণীযুঁজ প্ৰতিযোগিতাৰ উদ্বোধন কৰিব আমগুৰি খণ্ড উন্নয়ন বিষয়া অংকন জ্যোতি ফুকনে, পিঠা-পনা আৰু গামোচা প্ৰতিযোগিতা উদ্বোধন কৰিব আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিতালী লাহনে ৷

নিশালৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব লগা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকিব ৷ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী ৰূপম ভূঞা আৰু নীলাক্ষি নেওগে সংগীত পৰিৱেশন কৰিব বুলি অৱগত কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াই (Bihu Preparation in Amguri) ৷

১ মে'ত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱিকা কস্তুৰী বৰবৰুৱা কলিতাই ৷ বিশিষ্ট অতিথি হিচাপে অভিনেতা মৃদুল ভূঞা, অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা উপস্থিত থাকিব বুলি জনাই উদযাপন সমিতিৰ বিষয়ববীয়াই ৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব লগা অনুষ্ঠানত গুৱাহাটীৰ মেজাংকৰী মেঘমল্লাৰ গোটৰ সাংস্কৃতিক অনুষ্ঠান আৰু জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰে গীত পৰিৱেশন কৰিব ৷

আজিৰ লাই খুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি ডাঃ ডিম্বেশ্বৰ দত্ত, মুখ্য উপদেষ্টা দিগন্ত বৰুৱা, কাৰ্যকৰী সভাপতি সুদৰ্শন বব হাজৰিকা, উপ সভাপতি পুলকেশ গগৈ, মুজিদ আলি, যুটীয়া সম্পাদক প্ৰমোদ ভুবন ফুকন, উদ্দীপ্ত পল্লৱ বৰুৱাসহ স্থানীয় বহুকেইজন জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Guinness Book of World Records: বিশ্ব অভিলেখৰ সাক্ষী হ'বলৈ সাজু ডিব্ৰুগড়ৰ বিহুৱা-নাচনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.