ETV Bharat / state

শিৱসাগৰত চলন্ত গাড়ীৰ পৰা ডকাইতে লুটি নিলে লক্ষাধিক টকা - দিন ডকাইতি

শিৱসাগৰত দিন ডকাইতি ৷ চলন্ত গাড়ীৰ পৰা ধন লৈ উধাও হ'ল দুৰ্বৃত্ত ৷

শিৱসাগৰত দিন ডকাইতি
author img

By

Published : Jun 28, 2019, 3:51 PM IST

শিৱসাগৰ,28 জুন : শিৱসাগৰ নগৰত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হয় এক ডকাইতিৰ ঘটনা। পালচাৰ বাইকত অহা দুজনীয়া ডকাইতৰ দলে নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ পৰা চলন্ত গাড়ীৰ পৰা লুটি নিয়ে ৩ লাখ ৮৩ হাজাৰ টকা। ঘটনাৰ বিৱৰণী অনুসৰি দুপৰীয়া প্ৰায় ১২ বজাত শিৱসাগৰৰ জিন্টু চুতীয়া আৰু তেওঁৰ তিনি গৰাকী সহযোগীয়ে শিৱসাগৰ নগৰৰ ইউ বি আই বেংকৰ পৰা আদায় লোৱা ধনসহ মৰাণ অভিমুখে গৈ আছিল ।

শিৱসাগৰত দিন ডকাইতি

নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপত তেওঁলোকৰ AS-06J-1615 নম্বৰৰ ৱেগনাৰ বাহনখনৰ গতি ধীৰ হোৱাৰ সুবিধা লৈ এজন যুৱকে খোলা খিৰিকীৰে হাত ভৰাই চলন্ত গাড়ীৰ পৰা লুটি নিলে ধনৰ টোপোলাটো। এখন পালচাৰ বাইকত অহা ডকাইতৰ দলটোৱে গৌৰীসাগৰ অভিমুখে পলায়ন কৰে। ইপিনে ইতিমধ্যে বেংকৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

Intro:শিৱসাগৰ নগৰত পুনৰ ডকাইতি।দিন দুপৰত দুজনীয়া ডকাইতৰ দলে লুটি নিলে প্ৰায় চাৰি লাখ টকা।

Body:শিৱসাগৰ নগৰত বিগত দিবোৰত সংঘটিত হোৱাৰ দৰে আজি পুনৰ সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি।পালচাৰ বাইকত অহা দুজনীয়া ডকাইতৰ দলে নগৰৰ ষ্টেচন চাৰি আলিৰ সমীপৰ পৰা চলন্ত গাড়ীৰ পৰা লুটি নিয়ে ৩ লাখ ৮৩ হাজাৰ টকা।ঘটনাৰ বিৱৰণী অনুসৰি আজি দিনৰ প্ৰায় ১২ বজাত শিৱসাগৰ জিণ্টু চুতীয়া আৰু তেওঁৰ তিনি গৰাকী সহযোগীয়ে শিৱসাগৰ নগৰৰ ইউবিআই বেংকৰ পৰা আদায় লোৱা ধনসহ মৰাণ অভিমুখে গৈ আছিল।নগৰৰ ষ্টেচন চাৰি আলিৰ সমীপত তেওঁলোকৰ এছ-০৬-জে-১৬১৫ নম্বৰৰ ৱেগনাৰ গাড়ীখনৰ গতি ধীৰ হোৱাৰ সুবিধা লৈ এজন যুৱকে খোলা খিৰিকীৰে হাত ভৰাই চলি থকা গাড়ীখনৰ পৰা ধনৰ টোপোলা লৈ উধাও হয়।এখন পালচাৰ বাইকত ডকাইতৰ দলটো গৌৰিসাগৰ অভিমুখে পলায়ন কৰে।আৰক্ষীয়ে ইতিমধ্যে বেংকৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে।

Bite-জিণ্টু চুতীয়া

Conclusion:শিৱসাগৰ নগৰত এনে ঘটনা এয়ে প্ৰথম নহয়।ইয়াৰ আগতো বহু ঘটনা সংঘটিত হৈ গৈছে।কিন্তু আৰক্ষীয়ে আজিলৈ কোনো অপৰাধীক কৰায়ত্ত কৰিব পৰা নাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.