ETV Bharat / state

আমগুৰিত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল - আমগুৰি সমবায় সমিতি

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত সমবায় সমিতিৰ অধীনৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল উদ্ধাৰ ৷ বৃহস্পতিবাৰে প্ৰায় ১৭ বস্তা চাউল প্ৰশাসনে উদ্ধাৰ কৰে আমগুৰি সমবায় সমিতিৰ কাৰ্যালয়ৰ সমীপত ৷

Rice scam found at amguri
চোৰাং চাউল উদ্ধাৰ
author img

By

Published : Apr 10, 2020, 11:40 AM IST

আমগুৰি,১০ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত লক ডাউন ঘোষণা কৰাত বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে এমুঠি চাউলৰ বাবে ৷ তেনে সময়তে শিৱসাগৰ জিলাৰ হালোৱাটিঙত সমবায় সমিতিৰ চাউল উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

চোৰাং চাউল উদ্ধাৰ

ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙৰ আমগুৰি সমবায় সমিতিৰ কাৰ্যালয়ৰ প্ৰায় গাতে লাগি থকা মেঘনাথ যাদৱ নামৰ লোকজনৰ ঘৰত সমবায় সমিতিৰ প্ৰায় ১৭ বস্তা চাউল অবৈধভাবে মজুত ৰখা হৈছিল ৷ এই খবৰ লাভ কৰি স্থানীয় সৃষ্টি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তা ৰাজীৱ মালাকাৰে প্ৰশাসনক খবৰ দিয়ে ৷

ঘটনাৰ খবৰ পোৱা মাত্ৰকে আমগুৰিৰ ৰাজহ চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈ, অসামৰিক যোগান বিভাগৰ বিষয়া উজ্জ্বল ফুকন, হালোৱাটিং আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সুনীল দাসে অভিযান চলাই যাদৱৰ 17 টা চাউলৰ বস্তা উদ্ধাৰ কৰাৰ লগতে মুকলিকৈ ৰখা ৪০ কিল’গ্ৰাম চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰশাসনৰ লোকে চাউলখিনি জব্দ কৰে যদিও এই কাণ্ডত জড়িত মেঘনাথ যাদৱ সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ চাউলখিনি কোনো সমবায় সমিতিৰ পৰা সুলভ মূল্যত ক্ৰয় কৰি নাগালেণ্ডত অধিক দামত বিক্ৰীৰ বাবে এনেদৰে মজুত কৰি ৰখা বুলি অনুমান কৰে প্ৰশাসনে ৷ স্থানীয় যোগান বিভাগে ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ৷

লগতে চাওকঃ জোনাইৰ চিমেন চাপৰিত ৫০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.