ETV Bharat / state

UNESCO visits Charaideo Maidam: ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰ্যবেক্ষণ ইউনেস্কোৰ প্ৰতিনিধিৰ - কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগ

বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে ঐতিহাসিক চৰাইদেউ মৈদামস্থলী পৰ্যবেক্ষণ কৰে ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াঙৰ নেতৃত্বত অহা দলে ৷

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰ্যবেক্ষণ ইউনেস্কোৰ প্ৰতিনিধিৰ

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 1:19 PM IST

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰ্যবেক্ষণ ইউনেস্কোৰ প্ৰতিনিধিৰ

মৰাণ, 8 অক্টোবৰ : 600 বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদামস্থলী বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াঙে চৰাইদেউ মৈদামস্থলী পৰ্যবেক্ষণৰ বাবে শনিবাৰে বিয়লি চৰাইদেউ মৈদামস্থলীত উপস্থিত হয় ৷ চৰাইদেউ মৈদামস্থলীত স্থাপন কৰা ৰেণচেঙত মলুংসকলে অনুষ্ঠিত কৰা ফুৰালুং পূজাত অংশগ্ৰহণ কৰি সন্ধিয়া মৈদামক্ষেত্ৰৰ কিছু ঠাই ভ্ৰমণ কৰিছিল বিশেষজ্ঞগৰাকীয়ে । ইয়াৰ পাচতেই দেওবাৰে পুৱাই ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ বিষয়াসকলক লগত লৈ ইউনেস্কোৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াঙে চৰাইদেউ মৈদাম পৰিদৰ্শন কৰা বাবে উপস্থিত হয়।

মৈদামত উপস্থিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ পৰা যাৱতীয় তথ্য সংগ্ৰহ কৰিছে পৰ্যবেক্ষকগৰাকীয়ে । পুৰাতাত্বিক খননকাৰ্য চলি থকা মৈদামৰ অভ্যন্তৰত প্ৰৱেশ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিছে পৰ্যবেক্ষকগৰাকীয়ে। আনকি ইউনেস্কোৰ পৰ্যবেক্ষকগৰাকীয়ে মৈদামক্ষেত্ৰৰ প্ৰতিটো ঐতিহাসিক সমল পৰ্যবেক্ষণ কৰিছে।

দলটোৱে নিজৰ ফোন আৰু কেমেৰাৰ লেন্সত বন্দী কৰিছে মৈদামৰ ঐতিহাসিক সমল সমূহৰ দৃশ্য । কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ব বিভাগৰ দায়িত্বত থকা বিষয়াসকলে সহযোগিতা আগবঢ়াই বিষয়াগৰাকীক । ইউনেস্কোৰ পৰ্যবেক্ষকগৰাকীয়ে সোমবাৰলৈকে চৰাইদেউ মৈদাম ক্ষেত্ৰত থাকিব বুলি জানিব পৰা গৈছে । এই সময়ছোৱাত সাধাৰণ পৰ্যটকৰ বাবে বন্ধ থাকিব চৰাইদেউ মৈদাম।

উল্লেখ্য যে, কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনোয়ন ইউনেস্কোত গ্ৰহণ কৰা পাচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে । ইউনেস্কোৰ এই প্ৰতিনিধিয়ে কেন্দ্ৰীয় চৰকাৰক সঠিক প্ৰতিবেদন দাখিল কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিব চৰাইদেউ মৈদামে ।

এইবাৰ ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: 69th Wildlife Week 2023 : ঔদ্যোগীকৰণ-আন্তঃগাঁথনি নিৰ্মাণৰ ফলত বিনষ্ট হৈছে প্ৰকৃতি: বনমন্ত্রী পাটোৱাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.