ETV Bharat / state

অসম হিমন্তৰ পৈত্ৰিক সম্পত্তি নহয় : ৰাণা গোস্বামী - কংগ্ৰেছৰ সংবাদমেল

শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি (BJP) চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ (Congress) দলৰ অসম ৰাজ্যিক সমিতিৰ নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী (Rana Goswami)য়ে ৷ অসম বিধানসভা (Assam Assembly)ৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলক ধৰাশায়ী কৰাৰ হুংকাৰ প্ৰদান ৰাণা গোস্বামীৰ ৷

rana goswami pressmeet in sivasagar
ৰাণা গোস্বামীৰ সংবাদমেল
author img

By

Published : Jul 28, 2021, 10:41 PM IST

শিৱসাগৰ,28 জুলাই : বুধবাৰে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ (Congress) দলৰ অসম ৰাজ্যিক সমিতিৰ নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami) ৷ কাৰ্যকৰী সভাপতিৰ দায়িত্বভাৰ লোৱাৰ পূৰ্বেই অসম কংগ্ৰেছৰ নতুন সমিতিক লৈ উৎসাহিত হৈ পৰিছে ৰাণা গোস্বামী ৷ নতুন সমিতিৰ নতুন কাৰ্যপন্থা আৰু ৰণ কৌশলৰ বাবে অসম বিধানসভা (Assam Assembly)ৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলক ধৰাশায়ী কৰাৰ হুংকাৰ প্ৰদান কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা (Bhupen Hazarika)ৰ সমাধিস্থলীত গৈ আশীৰ্বাদ গ্ৰহণ কৰি তেওঁ নতুনকৈ টঙালি বান্ধিব বুলি উল্লেখ কৰে ।

সংবাদমেলযোগে তেওঁ কয় যে, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলে আৰু বিজেপি দলক ভোট নিদিয়ে । কিয়নো পৰীক্ষা অনুষ্ঠিত নকৰি বহুতৰ ভৱিষ্যত শেষ কৰিলে এইখন চৰকাৰে । মৰিয়নী সমষ্টিত নতুন নীতিৰে ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ক পৰাভূত কৰিব বুলি দাবী কৰে গোস্বামীয়ে ৷

ৰাণা গোস্বামীৰ সংবাদমেল

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰী ঘৰগুণা: ভূপেন বৰা

পৰৱৰ্তী 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলক অসমৰ পৰা উৎখাত কৰাৰ হুংকাৰ দিয়ে ৰাণা গোস্বামীয়ে । অৱশ্যে থাওৰা সমষ্টি বিধায়ক সুশান্ত বৰগোঁহাইক (Sushanta Borgohain) লৈ তেওঁক নমনীয় হোৱা দেখা যায় । আনহাতে, অসম-মিজোৰাম সংঘৰ্ষৰ পাচত অসম চৰকাৰে গ্ৰহণ কৰা নীতিক সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই গ্ৰহণ কৰা কাৰ্যক গৰিহণা দিয়ে ।

তেওঁ কয় যে, মিজোক গুৱাহাটী-নলবাৰী দি দিম বুলি কোৱা কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে অসমক এতিয়া বিজেপি (BJP) চৰকাৰে পৈত্ৰিক সম্পত্তিৰূপে গণ্য কৰিছে । কিন্তু অসমৰ ৰাইজ বুৰ্বক নহয় । অসমৰ ৰাইজে বিজেপি দলৰ পৰিকল্পনা বুজি উঠা বুলি ব্যক্ত কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমা সংঘৰ্ষ : কৰিমগঞ্জত বৰাক বন্ধৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.