আমগুৰি, ১২ এপ্ৰিল: শিৱসাগৰ জিলাৰ আমগুৰিত ক্ষুব্ধ ৰাইজে জবাবদিহি কৰিলে যান-বাহন শাখাৰ উপ-পৰিদৰ্শকক (Public protest against police at Amguri)। যান-বাহন শাখাৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ জনায় । অত্যাধিক কৰ সংগ্ৰহেৰে সন্ত্ৰাস সৃষ্টি কৰাৰ বাবেই ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ল যান-বাহন শাখাৰ উপ-পৰিদৰ্শক হৰদেৱ সিং। আমগুৰি নগৰৰ মাজমজিয়াতেই ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে যান-বাহন শাখাৰ দায়িত্বত থকা উপ-পৰিদৰ্শক হৰদেৱ সিং (Public unhappy with police officer)।
ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, হকে-বিহকে কৰ সংগ্ৰহ কৰি আমগুৰিবাসী ৰাইজক হাৰাশাস্তি কৰি আহিছে যান-বাহন শাখাৰ উপ-পৰিদৰ্শক হৰদেৱ সিঙে (Allegation of more tax collection against police)। আমগুৰি আৰক্ষী থানাত মাত্ৰ এমাহ পূৰ্বে যোগদান কৰা যান-বাহন শাখাৰ আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে ৰাইজৰ পৰা হকে-বিহকে কৰ সংগ্ৰহ কৰি ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচত আজি তেওঁক জবাবদিহি কৰে (Amguri Police Station)।
যিকোনো লোককে সামান্য কথাতে দুৰ্ব্য়ৱহাৰ কৰাৰ উপৰি কৰ সংগ্ৰহৰ অচিলাৰে ৰাইজক হাৰাশাস্তি কৰি অহা সিং উপাধিৰ উপ-পৰিদৰ্শকগৰাকীক স্থানীয় ৰাইজে আমগুৰি নগৰৰ মাজমজিয়াত ঘেৰাও কৰি এনে নকৰিবলৈ সকীয়াই দিয়ে (Public demand to take action against police)। শাক-পাচলিৰ বেপাৰীকো ৰেহাই নিদিয়া এইগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আমগুৰিবাসী ৰাইজে । ৰাইজে অভিযোগ কৰি কয় যে, যান-বাহন শাখাৰ উপ-পৰিদৰ্শকগৰাকীয়ে ৰাইজৰ কোনো কথাতে গুৰুত্ব নিদিয়ে (Publice protest against Police) ।
এইগৰাকী আৰক্ষী বিষয়াই অতপালিৰ বাবেই নাজিৰাটো ৰাইজৰ ৰোষৰ সন্মুখীন হৈছিল । যি সময়ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আৰক্ষীক জনসাধাৰণৰ সৈতে বন্ধুত্বসুলভ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে সেই সময়ত কৰ সংগ্ৰহৰ নামত জনসাধাৰণক হাৰাশাস্তি কৰা এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সময়তহে লক্ষ্যণীয় হ'ব (Amguri public protest news)।
লগতে পঢ়ক:Road accident in Barpeta: কলগাছিয়াত পথ দুৰ্ঘটনাত আহত লোকৰ মৃত্য়ু; GNRC ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ