ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত ৰাজপথত বঙালী মাজগাওঁবাসী - বিধ্বস্ত পথ শীঘ্ৰে নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ

আমগুৰি বৰছিলাত বিধ্বস্ত পথ শীঘ্ৰে নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ(Protests for construction of destroyed roads in aamguri) ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিধ্বস্ত পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৷

Protests for construction of destroyed roads in aamguri
পথ নিৰ্মাণৰ দাবীত ৰাজপথত বঙালী মাজগাওঁবাসী
author img

By

Published : Sep 10, 2022, 1:26 PM IST

আমগুৰি, ১০ চেপ্টেম্বৰ: বিধ্বস্ত পথত বিধ্বস্ত পথে জ্বলা-কলা খোৱাইছে বঙালী মাজগাওঁবাসীক ৷ শিৱসাগৰ জিলাৰ আমগুৰি বৰছিলাত বিধ্বস্ত পথ শীঘ্ৰে নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৰুৱা আলি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ নামতি বঙালী মাজগাওঁবাসীয়ে (Protests for construction of destroyed roads in amguri) ৷ বিধ্বস্ত পথ শীঘ্ৰে নিৰ্মাণৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিধ্বস্ত পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে।

পথ নিৰ্মাণৰ দাবীত ৰাজপথত বঙালী মাজগাওঁবাসী

নিৰ্বাচনৰ পূৰ্বে স্থানীয় বিধায়ক প্ৰদীপ হাজৰৰিকাই মাজগাঁওবাসীক লগত লৈ ঝুমুৰ নাচি ভোজ-ভাত খাই পথটোৰ উন্নয়ণৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিধায়ক নিৰ্বাচিত হোৱাৰ পাছতে নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা ৷ এই অভিযোগ সমষ্টিবাসী ৰাইজৰ ৷

Protests for construction of destroyed roads in aamguri
পথ নিৰ্মাণৰ দাবীত ৰাজপথত বঙালী মাজগাওঁবাসী

জৰুৰীকালীন অৱস্থাত ৰোগীক ঠেলাত তুলি চিকিৎসালয়লৈ নিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে যদিও কাণষাৰ নাই স্থানীয় বিধায়ক তথা সংশ্নিষ্ট কৰ্তৃপক্ষৰ । এজাক বৰষুণতে পথটো বোকাময় হৈ পৰাত যাতায়াত ব্যাহত হয় । যাতায়তৰ সমস্যাত ভোগা গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহি পথটি শীঘ্ৰে মেৰামতি কৰি দিবলৈ দাবী জনায় ৷

উল্লেখ্য যে, গাঁওখনৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি ভুগি আহিছে যমৰ-যাতনা । শীঘ্ৰে পথটো নিৰ্মাণৰ ব্যৱস্থা নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সময়ত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: ভিক্টৰ দাসক গ্ৰেপ্তাৰক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.