ETV Bharat / state

Protest in Nazira: শুভলক্ষ্মী দত্তক উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:47 PM IST

Updated : Aug 31, 2023, 4:08 PM IST

ৰক্ষকৰ শপত গ্ৰহণ কৰা আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য । চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ পাশৱিক কাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে আটছা । উচিত ন্যায় বিচাৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

Protests demanding punishment for Subhalakshmi Dutta
শুভলক্ষ্মী দত্তক উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ

শিৱসাগৰ,৩১ আগষ্ট: স্মাৰ্ট আৰক্ষীৰ কৰ্মকাণ্ডত লজ্জাত নাজিৰাবাসী । খোদ আৰক্ষীৰ গৃহতে নিৰ্যাতিত হ'ল এগৰাকী বনকৰা মহিলা । পূৰ্বৰ নাজিৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া, বৰ্তমান চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক (সীমান্ত নিৰাপত্তা আৰক্ষী বিষয়া) শুভলক্ষ্মী দত্তৰ কাণ্ডত স্তম্ভিত হৈ পৰিছে সকলো ।

আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এগৰাকী বনকৰা মহিলাক গাত গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যতে । নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকী আছিল লখিমপুৰ জিলাৰ শিলবাৰি থানাৰ অন্তৰ্গত ৩নং বালিজান গাঁৱৰ অনিমা পৰ্জা ।

নাজিৰা আদৰ্শ আৰক্ষী থানাত ইতিমধ্যে এটা গোচৰ ৰুজু কৰে ভুক্তভোগী মহিলাগৰাকীয়ে । ঘটনা সন্দৰ্ভত জাঙুৰ খাই উঠিছে আটছা । সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙলৈ পত্ৰযোগে দাবী উত্থাপন আটছাই । অন্যথা আটাছাই গণতান্ত্ৰিক ভাৱে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ।

আনহাতে দল-সংগঠন তথা সংবাদ মাধ্যমৰ হেঁচাত অৱশেষত নাজিৰা আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা ২৯ আগষ্ট তাৰিখে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক হেডকোৱাৰ্টাৰ ক্ল'জ কৰাৰ পাছত ৩০ আগষ্ট অৰ্থাৎ বুধবাৰে তেওঁক চাকৰিৰ পৰা নিলম্বনৰ ঘোষণা কৰে আৰক্ষীয়ে সঞ্চালক প্ৰধানে । এতিয়া অসম আৰক্ষীয়ে ঘোষণা কৰা অনুসন্ধানৰ পাছত গম পোৱা যাব কি শাস্তিৰ সন্মুখীন হ'ব শুভলক্ষ্মী দত্ত ।

উল্লেখ্য যে, এ এছ পি শুভলক্ষ্মী দত্তৰ গৃহত আৰক্ষী বিষয়াগৰাকীৰ দ্বাৰা অত্যাচাৰৰ বলি হোৱা কিশোৰীগৰাকীক বৰ্তমান উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ আস্থা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

লগতে পঢ়ক: Flood in Majuli: বন্যাৰ্তক খাবলৈ পঁচা দালি চাউল !

Last Updated : Aug 31, 2023, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.