ETV Bharat / state

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ

author img

By

Published : Sep 9, 2022, 11:21 AM IST

চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তক লৈ সন্তুষ্ট নহয় একাংশ শিক্ষাৰ্থী তথা অভিভাৱক । আমগুৰিত শিক্ষাৰ্থী তথা অভিভাৱকে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ(People protest at Amguri) । তেওঁলোকৰ বিদ্যালয় একত্ৰীকৰণ কৰি আন ঠাইলৈ স্থানান্তৰ নকৰিবলৈ চৰকাৰক দাবী স্থানীয় ৰাইজৰ ।

protest for school amalgamation in amguri
বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ

আমগুৰি,৯ চেপ্টেম্বৰ: শিক্ষাৰ্থীৰ সংখ্যা আৰু ফলাফলৰ আধাৰত অসম চৰকাৰে এখনৰ পাছত আনখনকৈ চৰকাৰী শিক্ষানুষ্ঠান একত্রীকৰণৰ(amalgamation of Government schools in Assam) নামত বন্ধ কৰিছে । ইতিমধ্যে ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ(Thousands govt schools closed in Assam)কৰাৰ সমান্তৰালকৈ আন বহু বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে শিক্ষা বিভাগে ।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বিদ্য়ালয় একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আমগুৰিতো । আমগুৰি চিন্তামণিগড় ১ নং নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ক একত্ৰীকৰণৰ বিৰুদ্ধে অভিভাৱকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(People protest at Amguri) । চৰকাৰী নিৰ্দেশ অনুসৰি প্ৰাথমিক বিদ্যালয়খন ১ কি:মি: আঁতৰৰ অন্য এখন প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰাৰ ব্যৱস্থা কৰাত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।

একত্ৰিত নতুন প্ৰাথমিক বিদ্যালয়খনৰ দূৰত্বৰ বাবেই অভিভাৱকসকলে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । আমগুৰি শিক্ষাখণ্ডৰ অধীনস্থ উক্ত বিদ্যালয়ৰ চি আৰ চিৰ ভুল তথ্যৰ বাবেই ১৯৮০ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন একত্ৰীকৰণৰ ব্যৱস্থা কৰা বুলি অভিযোগ আনিছে । আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ মইমতালিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা বুলি একাংশ অভিভাৱকে অভিযোগ কৰিছে(Assam Govt decision on School amalgamation) ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গুৰুত্বহীনতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাত অন্য প্ৰাথমিক বিদ্যালয়ত একত্ৰীকৰণ কৰিবলৈ সুবিধা লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় ৰাইজ আৰু অভিভাৱকে বিদ্যালয়খন কোনো কাৰণত একত্ৰীকৰণ কৰিবলৈ দিয়া নহ'ব বুলি প্ৰকাশ কৰাৰ লগতে প্ৰয়োজনত তেজ দিবলৈও বাধ্য বুলি ক্ষোভ উজাৰে । স্থানীয় ৰাইজে শিক্ষামন্ত্ৰী ৰণোজ পেগু,ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ জিলা শিক্ষা বিষয়াৰ হস্তক্ষেপ কামনা কৰি একত্ৰীকৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: মই সাহিত্য সভাৰ সভাপতি হোৱাৰ সপোন দেখা নাছিলো: য়েছে দৰজে ঠংছি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.