আমগুৰি,২৩ জুলাই: চৰকাৰে দীৰ্ঘদীন ধৰি কাৰাৰুদ্ধ কৰি ৰখা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে বৃহস্পতিবাৰে উত্তাল হ'ল আমগুৰি । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,আহোম জাতীয় গণমঞ্চ,সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,টাই আহোম ছাত্ৰ সন্থাকে ধৰি বহুকেইটা জাতীয় সংগঠনে আমগুৰিত সাব্যস্ত কৰিলে প্ৰতিবাদ ।
দিল্লী,বেংগালুৰুৰ পৰা অনা চৰকাৰী অধিবক্তাক কোৱাৰেণ্টাইনত ৰাখক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি গ' বেক, অখিল গগৈক মুক্তি দিয়ক ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰা এইসকল প্ৰতিবাদকাৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো প্ৰতিকৃতি দাহ কৰে ।
![Protest for release of akhil by various organisation at amguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amguri-801-805-23-july-effigy-burn-visual-bite-photo-samiran-duarah_23072020140156_2307f_1595493116_146.jpg)
অখিল গগৈক চৰকাৰে শীঘ্ৰে মুক্তি নিদিলে পূৰ্বৰ আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামেৰে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰো হুংকাৰ দিলে এই সকল প্ৰতিবাদকাৰীয়ে ।
লগতে চাওকঃ অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাত মানৱ-শৃংখল কাৰ্যসূচী