নিউজ ডেস্ক, 22 আগষ্ট : এন পিএছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত (Demand to maintain old pension policy) সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল সমগ্ৰ ৰাজ্য ৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু ৰাজ্যৰ 60 ৰো অধিক প্ৰতিষ্ঠিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সহযোগত সোমবাৰে অসমৰ 4 লাখ শিক্ষক-বিষয়া-কৰ্মচাৰী আৰক্ষীয়ে সৰ্বাত্মক কর্মবিৰতি পালন কৰে ।
ৰাজ্যজুৰি হোৱা এই প্ৰতিবাদ প্ৰসংগত প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে, চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ । তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে ।
তেওঁলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মুখ্যত কাম কৰি আহিছে । এইসকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল'ব লাগিব । এয়া ভাৰতৰ সভ্যতা, সংস্কৃতিয়ে নিৰ্দেশ কৰিছে । চৰকাৰে এন পি এছ ব্যৱস্থাৰে অসমৰ বিষয়া শিক্ষক-আৰক্ষী, কৰ্মচাৰী, সমাজক অন্ধকাৰ ভবিষ্যতলৈ নিয়া কাৰ্য ভাৰতীয় ঐতিহ্য, সভ্যতা, সংস্কৃতিৰ পৰিপন্থী ।
সেয়েহে অনতি পলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰীসকলক The Assam Services Pension Rules 1969 পুৰণি পেঞ্চন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে ৷ এনপিএছ ব্যৱস্থাটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক অভিশাপ স্বৰূপ । এই ব্যৱস্থাটোৱে কৰ্মচাৰী সকলৰ অৱসৰী জীৱনলৈ চৰম হতাশা নমাই আনিব ।
লগতে পঢ়ক : বাক্সাত পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্মচাৰী পৰিষদৰ ধৰ্ণা
ইতিমধ্যে এনপিএছ ব্যৱস্থাৰ আওতাত যিসকল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে, সেইসকলে পেঞ্চনৰ নামত মাত্ৰ 500 টকাৰ পৰা 2000 টকালৈহে পাই আছে । আনকি বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ পৰিমাণ ইয়াতকৈ কম । গতিকে এই ব্যৱস্থাটো চৰকাৰে অতিশীঘ্ৰে বাতিল কৰিব লাগে আৰু সকলো কৰ্মচাৰীকে পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনিব লাগে । কিয়নো পেঞ্চন হৈছে চৰকাৰী কৰ্মচাৰীৰ বাৰ্ধক্যৰ লাখুটি ।
উল্লেখ্য যে, এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ লগতে অন্যান্য অৱসৰকালীন অসুবিধাসমূহ দূৰ কৰাৰ হকে যোৱা 12 জুনত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ নেতৃত্বৰ লগত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৈতে এখনি বৈঠকৰ আয়োজন কৰা হৈছিল ।
ৰাজ্য চৰকাৰৰ এই ভূমিকাত কৰ্মচাৰীসকলে কিছু আশ্বস্ত হৈছিল যদিও চৰকাৰৰ শেহতীয়া ভূমিকাত কৰ্মচাৰী সমাজে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে । বিবৃতিটোত আৰু উল্লেখ কৰা মতে, অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত অসম চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি বিচাৰিছিল সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই ।
কিন্তু অসমৰ কৰ্মচাৰী সমাজৰ দাবীৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ সেয়া মুঠেও সন্তোষজনক নহয় বুলি উল্লেখ কৰি আকৌ শক্তিশালী ৰূপত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ সিদ্ধান্ত লয় । সেই অনুসৰি, সোমবাৰে সমগ্ৰ অসমতে ‘‘সৰ্ব্বাত্মক কর্মবিৰতি পালন’’ কৰে কৰ্মচাৰীসকলে ।
লগতে পঢ়ক : এ আই ইউ ডি এফক বিজেপিৰ ড্ৰয়িং ৰূমত বহা দল আখ্যা ৰাণা গোস্বামীৰ
সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় যে, চৰকাৰে এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নকৰালৈকে ৰাজ্যৰ কৰ্মচাৰীসকলে আন্দোলন অব্যাহত ৰাখিব । চৰকাৰে অতি শীঘ্ৰে কৰ্মচাৰীৰ এই দাবীৰ প্ৰতি সঁহাৰি নজনালে অহা ছেপ্তেম্বৰ মাহৰ প্ৰথম পষেকত পেঞ্চন প্ৰাপ্তিৰ দাবীত দিছপুৰলৈ পদযাত্ৰা কাৰ্যসূচী লোৱা হ’ব ।
উক্ত পদযাত্ৰাত অসমৰ প্ৰায় এক লাখ চৰকাৰী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব বুলি জনাই হাজৰিকাই । তাৰোপৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আন্দোলন কৰি অহা সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ শতাধিক প্ৰতিনিধিয়ে এই পদযাত্ৰাত অংশগ্ৰহণ কৰিব বুলিও অৱগত কৰে সাধাৰণ সম্পাদক অপূৰ্ব শর্মাই ।
ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ বিশেষকৈ গুৱাহাটী মহানগৰীৰ লগতে পুৰণি পেঞ্চন স্কীম বাহালৰ দাবীত শিৱসাগৰ, কলগাছিয়া, নলবাৰী, ৰঙাপৰা আদিতো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ (Protest against National Pension System) ৷ প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, 2005 চনৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰা ব্যৱস্থাটোৱে কৰ্মচাৰীসকলৰ অৱসৰী জীৱন সুনিশ্চিত কৰা বিপৰীতে ভৱিষ্যতলৈ হতাশা কঢ়িয়াই আনিব ।
নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিলেহে কৰ্মচাৰীসকলৰ ভৱিষ্যৎ জীৱন সুনিশ্চিত হ'ব । লগতে মন্ত্ৰী বিধায়কসকলে পাঁচ বছৰৰ পিছত পেঞ্চন লাভ কৰিব আৰু চৰকাৰী কৰ্মচাৰীসকলে এই সুবিধাৰ পৰা বঞ্চিত হ'ব ।
লগতে পঢ়ক : বানসাহায্য় লাভৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী