ETV Bharat / state

National Highway Authority of India : জাঁজীত নিৰ্মীয়মাণ চাৰিলেনযুক্ত পথত বৃহৎ ফাঁট

author img

By

Published : Mar 29, 2023, 1:56 PM IST

শিৱসাগৰ জিলাৰ জাঁজীত নিৰ্মীয়মাণ চাৰিলে'নযুক্ত পথত বৃহৎ ফাঁট (cracks on four lane road at Janji Sivasagar) । পথ নিৰ্মাণকাৰী সংস্থাৰ চূড়ান্ত গাফিলতিৰ বাবেই চিৰালফাঁট মেলিছে চাৰিলে'নযুক্ত পথত ।

Sivasagar
Sivasagar

আমগুৰি, ২৯ মাৰ্চ : নিৰ্মীয়মাণ চাৰিলে'নযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰ জিলাৰ জাঁজীত মেলিছে বৃহৎ ফাঁট (cracks on four lane road at Janji Sivasagar) । পথ নিৰ্মাণকাৰী সংস্থাৰ চূড়ান্ত গাফিলতি আৰু কামৰ হেমাহিৰ বাবেই এই চিৰালফাঁট মেলিছে চাৰিলে'নযুক্ত পথটোত । এই অভিযোগ স্থানীয় ৰাইজৰ (allegation of poor road construction at Janji) । লগতে জনস্বাৰ্থৰ প্ৰতি গুৰুত্ব নিদি ঐতিহাসিক ৰঙাজানত পথ নিৰ্মাণকাৰী সংস্থাটোৱে বাঁহৰ মূঢ়া, কাঠৰ মূঢ়া, বিভিন্ন জাবৰ-জোঁথৰ, মাটি পেলাই জানটো ৰুদ্ধ কৰি পেলোৱাত ক্ষোভিত হৈ উঠিছে স্থানীয় লোকসকল ।

উল্লেখ্য যে জাঁজীৰ পৰা ফুলপানীছিগা পৰ্যন্ত ঐতিহাসিক 'ৰঙাজান'ক ৰক্ষা কৰিবলৈ আৰু চাৰিলে'নযুক্ত পথ নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এইবাৰ ৰাজপথলৈ ওলাই আহিল জাঁজী ফুলপানীছিগাৰ পুৰুষ-মহিলা (protest against highway construction company) ৷ অভিযোগ অনুসৰি, পথ নিৰ্মাণকাৰী সংস্থাটোৱে জানটোৰ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নকৰি ম’ৰাবজাৰ মৌজাৰ দিশৰ অধিগ্ৰহণ কৰা ভূমিৰ ৮০ ফুটৰ সম্পূৰ্ণ অংশতে পথ নিৰ্মাণ কৰে ।

আনহাতে, জকাইচুক মৌজাৰ দিশত অধিগ্ৰহণ কৰা ১২০ ফুট দৈৰ্ঘ্যৰ ভূমিৰ মাত্ৰ আঢ়ৈ মিটাৰ দৈৰ্ঘ্যৰ ভূমিতহে পথ নিৰ্মাণ কৰি কাষেদি বৈ যোৱা জানটোত বাঁহৰ মূঢ়া, গছৰ মূঢ়া, বিভিন্ন জাবৰ-জোঁথৰ, মাটি পেলাই জানটো ৰুদ্ধ কৰি দিয়ে ৷ ফলত এজাক বৰষুণতে পানী উপচি পৰি জানটোৰ কাষৰ আৱাসীসকলৰ বাবে বিপদৰ শংকা ঘনীভূত হৈছে ৷ জানটোৰ দিশত উন্নত প্ৰযুক্তি ব্যৱহাৰ নকৰি খহনীয়া প্ৰতিৰোধ ব্যৱস্থাক আওকাণ কৰাৰ ফলত দীৰ্ঘ দূৰত্বলৈ পথছোৱাত বৃহৎ ফাঁট মেলি ভয়াৱহ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি হৈছে ৷

নিৰ্মীয়মাণ চাৰিলে'নযুক্ত ফুলপানীছিগাৰ পথছোৱাত যি বৃহৎ ফাঁট মেলিছে তাত বৰষুণৰ পানী জমা হৈ দীৰ্ঘদূৰত্বৰ নতুন পথছোৱা সোনকালেই ৰঙাজানত খহি পৰাৰ সম্ভাৱনাই দেখা দিছে ৷ যাৰ ভয়াৱহ পৰিণাম তিনিটা মৌজাৰ লক্ষাধিক লোকে ভৱিষ্যতে ভোগ কৰাৰ আশংকাই দেখা দিছে ৷ ফুলপানীছিগাত চাৰিলে'নযুক্ত পথ নিৰ্মাণ কোম্পানীৰ এনে অবিবেচক কাণ্ড আৰু নীতি বহিৰ্ভূত কৰ্মৰ বিৰুদ্ধে বহু পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ জনায় ৷ আনহাতে, জিলা প্ৰশাসনক বাৰম্বাৰ জনোৱাৰ পাছতো কোনো সুব্যৱস্থা নোলোৱাৰ বাবে প্ৰশাসনকো প্ৰতিবাদী ৰাইজে তীব্ৰ সমালোচনা কৰে ৷ শীঘ্ৰে পথ নিৰ্মাণকাৰী সংস্থাক ঐতিহাসিক ৰঙাজান মুক্ত কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক :Erosion in Barpeta: বহৰিত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.