শিৱসাগৰ,16 জানুৱাৰী : আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যিক নেতৃবৰ্গৰ তৎপৰতাৰ পিচতে এইবাৰ অসমলৈ উজান উঠিছে কেন্দ্ৰীয় বিজেপি শীৰ্ষ নেতাৰ ।
ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অমিত শ্বাহ আদিৰ পিচত এইবাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । অহা 23 জানুৱাৰী তাৰিখে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । উক্ত সভাত অসম চৰকাৰৰ অধীনত প্ৰধানমন্ত্ৰী গৰাকীয়ে এক লাখ লোকক মাটি পট্টা প্ৰদান কৰিব বুলি জানিবলৈ দিছে বিজেপি ৰাজ্যিক সাধাৰণ সম্পাদক তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ আগমণক লৈ যুদ্ধকালীন প্ৰস্তুতিৰে জেৰেঙা পথাৰত তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগ। শনিবাৰে প্ৰস্তুতিৰ বুজ লয় সাংসদ তপন কুমাৰ গগৈ আৰু লোক নিৰ্মাণ বিভাগৰ সচিবে ৷
লগতে পঢ়ক : 12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰতিষেধক প্ৰদান জি এম চি এইছত