শিৱসাগৰ, 13 ছেপ্তেম্বৰ : দেওবাৰে শিৱসাগৰত উজনি অসম মুছলিম কল্যাণ পৰিষদে এখন সংবাদমেল আয়োজন কৰে । সংগঠনৰ মুখ্য উপদেষ্টা মেহদি আলম বড়াই শিৱসাগৰ জিলা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।
সংবাদমেলত বিগত দিনবোৰত খিলঞ্জীয়া মুছলমানসকলক চৰকাৰে কৰি অহা প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ সমালোচনা কৰি কয় যে, পৰিৱৰ্তনৰ বাবে শাসনলৈ অহা চৰকাৰখনে কেৱল খিলঞ্জীয়া মুছলমানকে নহয়,অসমৰ সকলো জাতি-জনগোষ্ঠীক অৱহেলা কৰি আহিছে । আজিলৈকে ৰাজনৈতিক,আৰ্থিক,সামাজিকভাবে পিছপৰা খিলঞ্জীয়া মুছলমানসকলৰ কোনো দাবী পূৰণ নকৰা চৰকাৰখনে খিলঞ্জীয়া মুছলমানসকলৰ জৰীপৰ বাবে 100 কোটি টকা ধাৰ্য কৰাৰ পিচতো জৰীপ সম্পন্ন নকৰাৰ অভিযোগ সংগঠনটোৰ ।
আনহাতে,আজানপীৰ কলাক্ষেত্ৰৰ 100 কোটি টকাৰ আৱণ্টনৰ দাবী আজিলৈ পূৰ্ণ নকৰাৰো অভিযোগ সংগঠনটোৰ । আনকি,কংগ্ৰেছ চৰকাৰৰ দিনত কাম আগবঢ়া উচ্চসদন গঠন প্ৰক্ৰিয়া এইখন চৰকাৰে স্থৱিৰ কৰি দিয়াৰো অভিযোগ । উজনি অসম মুছলিম কল্যাণ পৰিষদে আজানপীৰ কলাক্ষেত্ৰৰ বাবে 100 কোটি টকাৰ আৱণ্টন,উচ্চসদন গঠন,খিলঞ্জীয়া মুছলিম যুৱক-যুৱতীৰ 15 শতাংশ চাকৰি সংৰক্ষণ আদি দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত ৰাইজ বিৰোধী বিজেপি দলক খিলঞ্জীয়া মুছলমানসকলে বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।
সেইদৰে আগন্তুক নিৰ্বাচনত অসমীয়া জাতি-সমাজক সুৰক্ষিত কৰা আঞ্চলিকতাবাদ সম্পন্ন দলক খিলঞ্জীয়া মুছলমানে সমৰ্থন কৰিব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে । একেদৰে,উজনি অসম মুছলিম কল্যাণ পৰিষদে কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰ অগণতান্ত্ৰিক আৰু অবৈধ বুলি উল্লেখ কৰি তেওঁৰ মুক্তিৰ দাবী উত্থাপন কৰে ।
উল্লেখ্য যে,সংবাদমেলত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি ছৌকত লতিফ,এম.আই.বড়া আদি লোক উপস্থিত থাকে ।
লগতে পঢ়ক : আলফাক উভতি ধৰিলে বৰাকৰ ছাত্ৰ সংগঠনে