ETV Bharat / state

শিৱসাগৰৰ দন্ত চিকিৎসকে কোনো ৰোগীক চিকিৎসা নকৰে !

author img

By

Published : Apr 23, 2020, 7:51 PM IST

চিকিৎসক মহুৱা বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলত শিৱসাগৰৰ দন্ত চিকিৎসক সকলে স্পষ্ট কৰি দিয়ে যে, কভিড 19 ৰ এনে সংক্ৰমণৰ সময়ত দন্ত চিকিৎসকৰ বিপদৰ আশংকা সৰ্বাধিক ৷

Press meet by Dentist at Sivsagar
শিৱসাগৰত দন্ত চিকিৎসকৰ গুৰুত্বপূৰ্ণ সংবাদমেল

শিৱসাগৰ,23 এপ্ৰিল: দেশজুৰি কৰ'ণা মহামাৰীৰ আতংক অব্যাহত থকাৰ সময়তে শিৱসাগৰৰ ৰটাৰী ক্লাৱত দন্ত চিকিৎসকৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৷ বুধবাৰে শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক সকলক চিকিৎসা সেৱা আগবঢ়াবলৈ আহ্বান জনাই উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰাৰ পাছতেই দন্ত চিকিৎসক সমাজে অপাৰগতা ব্যক্ত কৰি এখন সংবাদমেলৰ আয়োজন কৰে শিৱসাগৰত দন্ত চিকিৎসক সকলে ৷ চিকিৎসক মহুৱা বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলত শিৱসাগৰৰ দন্ত চিকিৎসকসকলে স্পষ্ট কৰি দিয়ে যে,কভিড 19ৰ এনে সংক্ৰমণৰ সময়ত দন্ত চিকিৎসকৰ বিপদৰ আশংকা সৰ্বাধিক ৷ লগতে চিকিৎসক সকলে স্পষ্ট কৰি দিয়ে যে,যিহেতু তেওঁলোকে পোনপটীয়াকৈ ৰোগীৰ মুখ পৰীক্ষা কৰিব লাগে,এনে পৰিস্থিতিত দাঁতৰ ৰোগীৰ প্ৰত্যক্ষ পৰীক্ষা কৰাটো চিকিৎসকৰ লগতে ৰোগীৰ বাবেও ভয়াৱহ হব পাৰে ৷ আনহাতে এনে প্ৰত্যক্ষ চিকিৎসা, চিকিৎসক অথবা ৰোগীৰ বাবে কভিড-19 ৰোগৰ বাহক হৈ পৰাৰ সম্ভাৱনা থাকে ৷

শিৱসাগৰৰ দন্ত চিকিৎসকে কোনো ৰোগীক চিকিৎসা নকৰে !

আনহাতে যিহেতু কভিড-19ৰ বীজাণু প্ৰতিৰোধক কোনো আহিলা বৰ্তমান শিৱসাগৰৰ চিকিৎসক সমাজৰ মাজত উপলব্ধ নহয় সেয়েহে পৰিস্থিতি সামান্য নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত শিৱসাগৰৰ দন্ত চিকিৎসক সমাজে কোনো ৰোগীক চিকিৎসা প্ৰদান নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷ অৱশ্যে ৰোগীৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি টেলিফোনিক চিকিৎসা আৰু প্ৰয়োজন সাপেক্ষে কভিড-19 ৰোগৰ সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি ন্যূনতম সেৱা আগবঢ়াব বুলি প্ৰকাশ কৰে শিৱসাগৰ দন্ত চিকিৎসক সমাজে ৷

লগতে পঢ়কঃ তিনিচুকীয়াত চাৰি ভুৱা আৰক্ষী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.