ETV Bharat / state

পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ঢেকীয়াল গাঁৱবাসীৰ

author img

By

Published : Sep 24, 2020, 5:38 PM IST

পথৰ দুৰৱস্থাৰ বাবে আমগুৰিৰ ঢেকীয়াল গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱাত নিয়োজিত কোনো এম্বুলেঞ্চৰ উপৰিও অন্যান্য বাহন ৷ স্থানীয় বিধায়কে কোনো দিনেই মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়া পথটিৰ দুৰৱস্থাৰ বাবে চিকিৎসালয়লৈ যাব নোৱাৰি ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷

Poor road Condition in amguri sivsagar assam etv bharat news
পথত ভূঁই ৰুই প্ৰতিবাদ

আমগুৰি,24 ছেপ্তেম্বৰ: বিকশিত অসমৰ নমুনা প্ৰতিফলিত শিৱসাগৰৰ আমগুৰিত ৷ বোকাময় পথাৰ নে পথ সেয়া নেদেখিলে ধৰিব নোৱাৰি ৷ এজাক বৰষুণতে পানীৰে ভৰ্তি হৈ পৰে পথছোৱা ৷ তথ্য অনুসৰি,আমগুৰিৰ ম'ৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢেকীয়াল গাঁৱত দীৰ্ঘদিনৰ পৰাই পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি আহিছে ৰাইজে ৷ অঞ্চলটোৰ চেউনি আলিৰ পৰা বৰুৱাকুৰি সংযোগী প্ৰায় 2 কিল’মিটাৰ জোৰা পথ জৰাজীৰ্ণ অৱস্থাৰ বাবে পথচাৰীসকলে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷

পথত ভূঁই ৰুই প্ৰতিবাদ

পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱাত নিয়োজিত কোনো এম্বুলেঞ্চৰ উপৰিও অন্যান্য বাহন ৷ স্থানীয় বিধায়কে কোনো দিনেই মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়া পথটিৰ দুৰৱস্থাৰ বাবে চিকিৎসালয়লৈ যাব নোৱাৰি ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ পথছোৱা পুনৰ নিৰ্মাণৰ দাবীত গাঁৱবাসীয়ে প্ৰায় চাৰিখন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ মাধ্যম উক্ত পথছোৱাৰ অৱস্থাই বিকশিত অসমৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে ৷

লগতে চাওকঃ বিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.