আমগুৰি, 26 জুন : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ মূলপথটোৰ দুৰ্দশাই বিপদ মাতি আনিছে স্থানীয় ৰাইজৰ জীৱনলৈ ৷ উন্নয়নৰ শ্ল’গানেৰে এখনৰ পাছত আনখন চৰকাৰ সলনি হ’ল কিন্তু সলনি নহয় ৰাজ্যৰ পথৰ অৱস্থা । বছৰ বছৰ ধৰি জনপ্ৰতিনিধি তথা আমোলা-বিষয়া তথা কৰ্মচাৰীৰ বিৰুদ্ধে আঁচনি ৰূপায়ণৰ নামত উত্থাপিত হৈছে লুণ্ঠনৰাজৰ অভিযোগ ৷
চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে মঙলবাৰে ৰাইজে উদঙালে উন্নয়ণৰ প্ৰকৃত ছবি । ভূঞাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত চাংমাই খণ্ডৰ পথটোৱে জলা-কলা খুৱাই আহিছিল অঞ্চলটোৰ ৰাইজক (Poor condition of road at Amguri) পথচোৱা মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এই বোকাময় পথটোৰে অতি কষ্টেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাঁওবাসী, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী তথা ৰোগীয়ে ৷ ফলত ক্ষোভিত হৈ অঞ্চলটোৰ মহিলাসকলে পথটোৰ ওপৰতে হাতত কোৰ, মৈ লৈ প্ৰতিবাদ সাব্যস্ত কৰে (Amguri locals protest) ৷
স্থানীয় বিধায়কৰ লগতে ভূঞাহাট গাঁও পঞ্চায়তৰ সভাপতিক পথ নিৰ্মাণৰ বাবে বাৰে বাৰে আবেদন কৰিও বিমুখ হৈছে অঞ্চলটোৰ লোকসকল ৷ সেয়ে বিষয়টো ৰাজনৈতিক মেৰপাকত আৱদ্ধ নকৰি ৰাইজৰ সুবিধাৰ্থে শীঘ্ৰেই স্থানীয় বিধায়ক আৰু ভূঞাহাট গাঁও পঞ্চায়তৰ সভাপতিক পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: মিজোৰামত NIAৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী