ETV Bharat / state

বিপদসংকুল ভাৱে এডাল বাঁহৰ সাঁকোৰ ওপৰেৰে যাতায়ত ৰাইজৰ

শিৱসাগৰত ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ ৷ স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো উন্নয়নে ঢুকি নোপোৱা নাই এখন গাঁৱক ৷ গাঁওবাসীয়ে যাতায়ত কৰাৰ একমাত্ৰ সাৰথি এডাল বিপদসংকুল সাঁকো ৷

author img

By

Published : Jun 29, 2021, 10:50 AM IST

বিপদ সংকুল ভাবে এডাল সাঁকোৰ ওপৰেৰে যাতায়ত ৰাইজৰ

শিৱসাগৰ, 29 জুন : দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰৰ পাছতো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও । গাঁওবাসীৰ যাতায়তৰ একমাত্ৰ সম্বল এডাল বিপদ সংকুল সাঁকো । শিৱসাগৰৰ নগৰৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ নিলগৰ পানবেচা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাওঁজান গাঁৱৰ ৰাইজে ভুগিছে যমৰ-যন্ত্ৰণা ।

চৰকাৰী কোনো ধৰণৰ আঁচনিয়েই ঢুকি নোপোৱা এই নাওঁজান গাওঁ আৰু ল'ৰাপুতা অঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে নিতৌ যাতায়ত কৰে এডাল সাঁকোৰ সহায়েৰে । দৰিকা নদীৰ দ' এৰাসুঁতিৰ ওপৰত গঞা ৰাইজে নিজ হাতেৰে নির্মাণ কৰি লৈছে এডাল সাঁকো । নির্বাচনৰ পূৰ্বে বৰ বৰ প্রতিশ্রুতিৰ ফুলজাৰি মৰা প্রতিটো ৰাজনৈতিক দলে নির্বাচনৰ পাছতে গাওঁবাসী আৰু তেওঁলোকৰ সমস্যাসমূহ পাহৰি যায় বুলি অভিযোগ উত্থাপন নাওজান বাসী গঞাৰ ।

উক্ত অঞ্চলত যাতায়তৰ অসুবিধাৰ বাবেই প্রৱেশ নকৰে ৰোগীৰ চিকিৎসা সেৱাত থকা ১০৮ বাহন । নাই কোনো অনাময় আঁচনি, নাই কোনো কৃষক ঋণ কিম্বা চৰকাৰী অভিলাষী আঁচনি । চৰকাৰৰ পৰা অতিষ্ঠ হৈ পৰা গাঁওবাসীয়ে এতিয়া কাষ চাপিছে জাতীয় দল সংগঠনৰ ।

উন্নয়নৰ ফটাঢোল কোবোৱা চৰকাৰে এইসকল সহজ সৰল গঞা ৰাইজৰ সমস্যাৰাজি দূৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ সব কা সাথ সব কা বিকাশ শ্ল'গানক কেতিয়া ৱাস্তৱ ৰূপ দিব নে এনেদৰে উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই বছৰৰ পাছত বছৰ জীয়াতু ভোগাব গাওঁবাসীক প্ৰশ্ন কৰিছে ৰাইজে । এনেবোৰ সমস্যা দৃষ্টিগোচৰ হোৱাৰ পাছত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় ।

লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.