আমগুৰি,20 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে আমগুৰিত প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰস্তুতি ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট আৰু বিজেপি-অগপ মিত্ৰজোঁটৰ সমান্তৰালকৈ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা আৰম্ভ কৰিছে ৷
উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ যোগেদি ভোটাৰ ৰাইজৰ কাষ চপা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী চন্দ্ৰ বৰুৱাই আমগুৰিত কংগ্ৰেছ, অগপ আৰু বিজেপিৰ ভেঁটিত মোক্ষম আঘাত কৰাৰ সম্ভাৱনা প্ৰায় প্ৰবল হৈ উঠা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰীয়তাবাদৰ সলনি জাতীয়তাবাদ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ওফৰাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী চন্দ্ৰ বৰুৱাই আমগুৰিৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: চৰাইদেউৰ বৰহাটত ব্ৰাউন চুগাৰ জব্দ