শিৱসাগৰ, 20 ছেপ্তেম্বৰ : পত্নী আৰু সন্তানক হত্যাৰ চেষ্টা চলালে এগৰাকী আৰক্ষী জোৱানে ৷ শিৱসাগৰ জিলাৰ উপ-আৰক্ষী অধীক্ষকৰ লগতে থকা দেহৰক্ষী গৌতম দাসে নিজ পত্নীক হত্যাৰ চলালে প্ৰয়াস । পাৰিবাৰিক কন্দলৰ বাবে বিগত ৮ মাহ ধৰি মাকৰ ঘৰত থকা পত্নীৰ লগতে তিনি সন্তানক নিজৰ চাৰ্ভিছ AK47 ৰাইফলৰে গুলিয়াই হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ আৰক্ষী জোৱানজনৰ বিৰুদ্ধে ।
শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নিচেই কাষতে থকা মহিলাগৰাকীৰ মাকৰ ঘৰত আজি দুপৰীয়াৰ প্ৰায় 2.30 বজাত সংঘটিত হয় এই ঘটনা ৷ শিৱসাগৰ আৰক্ষীয়ে AK47 ৰাইফালৰ মেগজিন উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত গৌতম দাসক আটক কৰিছে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ পত্নীয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । গৌতম দাসে পত্নীকে ধৰি পৰিয়ালৰ আন লোকক মানসিক আৰু শাৰিৰীক নিৰ্যাতন চলাই আহিছিল যদিও শিৱসাগৰ সদৰ থানাত অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি উল্লেখ কৰে পত্নীয়ে ।